গ্ৰাম্যাঞ্চলৰ পৰিৱেশত আৱেগিক অভিনেতা নিপন গোস্বামী
ককিলা ৰাসমন্দিৰৰ পকী তোৰণ উন্মোচনী সভাত নিপন গোস্বামী
সংবাদদাতা, পূৱ যোৰহাট:- উত্তৰ যোৰহাটৰ ৰংদৈ ভগনীয়া গাঁওস্থিত ককিলা ৰাসমন্দিৰৰ পকী তোৰণ উন্মোচনী অনুষ্ঠানত উপস্থিত হৈ গ্ৰাম্যাঞ্চলৰ পৰিবেশত আবেগিক হৈ পৰে অভিনেতা নিপন গোস্বামী। শিক্ষক তথা সমাজসেৱক প্ৰয়াত শিৱনাথ গোস্বামীৰ স্মৃতিত বুলুমণি বৰঠাকুৰ আৰু তেখেতৰ পৰিয়াল বৰ্গই প্ৰদান কৰা পকী তোৰণ উন্মোচন কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীয়ে। সংগীত শিল্পী দিক্ষু শৰ্মা উপস্থিত থকা স্মৃতিচাৰণ সভাত মংগলাচৰন কৰে সংগীত শিল্পী পংকজ বৰুৱাই।
মেলেং উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰঘূনাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত অভিনেতা নিপন গোস্বামী, সংগীত শিল্পী দিক্ষু শৰ্মা, সংগীত শিল্পী পংকজ বৰুৱাকে প্ৰমুখ্য কৰি অসমৰ বহু কেইগৰাকী স্বনামধন্য ব্যক্তিয়ে শিৱনাথ শৰ্মাৰ কৰ্মৰাজিৰ বিশ্লেষণ আগবঢ়াই। যাদব বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বুলুমণি বৰঠাকুৰ আৰু তেখেতৰ পৰিয়ালবৰ্গই আগবঢ়োৱা পকী তোৰণখনিৰ বাবে অঞ্চলটোৰ জনসাধাৰণে ভূয়সী প্ৰশংসা কৰে।