অসম
গৰুমৰা হাইস্কুলত বিজ্ঞান বিষয়ৰ বক্তৃতানুষ্ঠান সম্পন্ন

সংবাদদাতা, পশ্চিম যোৰহাট:- গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান আৰু গণিত সংঘৰ উদ্যোগত আৰু কাউন্সিল ফ’ৰ টিছাৰ এডুকেশ্বন ফাউণ্ডেশ্যনৰ সহযোগত ২৩ জানুৱাৰীত অভিজ্ঞতাৰে শিক্ষাঃ প্ৰকল্প ভিত্তিক শিক্ষাৰ দিকদৰ্শন বিষয়ৰ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। চি টি ই এফ, অসম শাখাৰ উপ-সভাপতি ডক্টৰ অৰ্চনা ভট্টাচাৰ্য, যোৰহাট শাখাৰ সমন্বয়ক কাকলি বৰঠাকুৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক ঋতুৰাজ হাজৰিকাই আঁত ধৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিত পাত্ৰই আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত সৰ্বোদয় উচ্চ মাধ্যমিক বিদ্যালয়, আদৰ্শ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মালৌখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰান্ধনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে। শিক্ষক আদিত্য কুমাৰ শৰ্মাই শলাগৰ জ্ঞাপন কৰে।