অসম

চতিয়াত বন্ধন বেংকৰ ঋণ লৈ পুৰুষ-মহিলাৰ স্বাৱলম্বিতাৰ পথ নিদৰ্শন

সংবাদদাতা, জামুগুৰিহাট:- সমগ্ৰ ৰাজ্যত বন্ধন বেংকৰ ঋণ মাফক লৈ যি বিতৰ্ক চলি আছে তেনেসময়তে কিন্তু একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও দোকানৰ লগতে ছাগলি, মুৰ্গী, হাঁহ ফাৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হয়। তেনে এক উৎকৃষ্ট উদাহৰণ দেখা গল চতিয়াৰ খাতুৱালগাঁৱত। সেই অঞ্চলৰ একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও বন্ধন বেংকৰ পৰা ঋণ লৈ দোকানৰ লগতে বিভিন্ন ফাৰ্মৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱা দেখা গৈছে। তেওঁলোকে কয় যে আমি যেনেকৈ ঋণ লৈ সঠিক কামত খটুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাট মুকলাবলৈ সক্ষম হৈছো তেনেদৰে যেন সকলোৱে যেন বন্ধন বেংকৰ পৰা ঋণ লৈ অলাগতিয়াল কামত খৰচ নকৰি নিজৰ উপাৰ্জনৰ দিশত যেন খৰচ কৰে বুলি একাংশ মহিলাই মন্তৱ্য কৰে। আৰু কয় যিহেতু অন্য বেংকসমূহৰ পৰা ঋণ লবলৈ বহুত সমস্যা তেনেস্থলত একমাত্ৰ বন্ধন বেংকেহে সহজতে ঋণ প্ৰদান কৰি আহিছে। গতিকে এই ক্ষেত্ৰত সকলোৱে ঋণ সমূহ পৰিষোধ কৰি অধিক পৰিমাণৰ ঋণ লৈ আৰু বিভিন্ন দিশেৰে কৰ্মসংস্থাপনৰ বাট দেখুৱাই আন দহজনকো কৰ্মসংস্থাপনৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: