অসম

চতিয়া সমষ্টিত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

সংবাদদাতা, জামুগুৰিহাট:- চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি একে দিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহনিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গামানী, চমাৰ দলনী, ২নং বালিজুৰি, ৰঙাচকুৱা, ভানূপুৰ, এদেনবাৰী, পহুচোৱা, চামধৰা, ওপৰ টলকাবাৰী কৰৈয়নী চাপৰি, হোলাকান মাজগাঁও আদি এঘাৰখনকৈ গাঁৱত চৰকাৰে প্ৰতিটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ বিপৰীতে আগবঢ়োৱা ২৫ লাখ টকাৰ পুজিৰে নিৰ্মাণ কৰিব লগা আটক ধুনীয়া গৃহ সমূহৰ আধাৰশিলা স্থাপন কৰি আজি বিধায়ক গৰাকীয়ে নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে। শোণিতপুৰ জিলা সমাজকল্যাণ বিষয়া, নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, নদুৱাৰ খণ্ড উন্নয়ন বিষয়া, মূঢ়াদল জিলা পৰিসদৰ সদস্য কিশোৰ দাহাল, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েংকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত আধাৰশিলা অনুষ্ঠান সমূহৰ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সমূহৰ এক মাহৰ ভিতৰত আটকধুণীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। একমাহৰ পিচত একেদিনাই মই এই এঘাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত কন কন শিশুসকলে খেলা ধুলাৰ মাজেৰে শাৰিৰিক মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে শিক্ষাগ্ৰহণ কৰিবপৰা ধৰণে শুভাৰম্ভ কৰিম বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানসমূহত বিধায়ক পদ্ম হাজৰিকাই নিজহাতে কণকণ শিশুসকলৰ মাজত প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: