অসম

চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত দহখনৰো অধিক উন্নয়নমূলক আচঁনিৰ আধাৰশিলা

প্ৰায় ৭০ লখ্যধিক টকা ব্যয়ৰে ৰূপায়ণৰ প্ৰস্তুতি চৰকাৰী আঁচনি

সংবাদদাতা, জামুগুৰিহাট:- চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত মঙ্গলবাৰে দহটাকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰা হয়। প্ৰায় ৭০ লক্ষ্যধিক টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা আঁচনি সমূহ মঙ্গলবাৰে পুৱাৰে পৰা শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ আৰু পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে। সেই অনুসৰি পঞ্চায়ত কাৰ্য্যালয়, ৰঙাচকুৱা ৰঙ্গমঞ্চ, সাপ্তাহিক বজাৰ, এক নং বাটমাৰী কালি মন্দিৰৰ চৌহদ, গেদেৰীজান কেথলিক চাৰ্চৰ ভূমি উন্নয়নৰ লগতে কেইবাটাও গাৱঁলীয়া পথৰ নিৰ্মাণৰ আধাৰশিলা কৰা হয়।

আধাৰশিলা কৰি নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে কয়-চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে। ইতিমধ্যে সমষ্টিটোৰ ৭০ শতাংশ ৰাস্তা-পদূলি নতুনকৈ নিৰ্মাণ হৈছে। দৰিদ্ৰ ৰাইজৰ বাবে চৰকাৰে ঘোষণা কৰা সকলো আঁচনি আমি সমভাৱে বিতঁৰণৰ সুবিধা লাভ কৰিছোঁ। পঞ্চায়তৰ জৰিয়তে দুখীয়া দৰিদ্ৰ ৰাইজক সেৱা কৰাত সকলো শ্ৰেণী ৰাইজে আমাক সহযোগিতা আগবঢ়ায় অহা বুলি মন্তৱ্য কৰে সভাপতি অজিত পায়েঙে। পঞ্চায়ত সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে কয়-পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজক আমি সকলো ধৰণৰ সেৱা আগবঢ়ায় আহিছো।

লগতে অহা ইং ২ ছেপ্তেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা গোৰ্খা সকলৰ দীৰ্ঘদিন ধৰি অহা বৃহৎ সমস্যাৰ সমাধান কৰাত তেওঁক এক ব্যতিক্ৰমী ধৰণে আদৰণি জনাবৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰুষ-মহিলাসকল দলে বলে ওলাই আহিবলৈ অনুৰোধ কৰে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত আমি সমষ্টি উন্নয়নত সফলতা লাভ কৰা বুলি মন্তৱ্য কৰে হিমাদ্ৰী দেৱীয়ে। উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্যৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: