অসম
চাঞ্চল্যকৰ হত্যাকাণ্ড; ককায়েকৰ প্ৰহাৰত ভায়েকৰ মৃত্যু

সংবাদদাতা, মেৰাপানী:- মেৰাপানীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ ককায়েকেই মৰিয়াই হত্যা কৰিলে ভাতৃক। ঘটনা অনুসৰি যোৱা ১২ ফ্ৰেব্ৰুৱাৰীৰ নিশা ১ নং তৰাণিৰ ক্ষীৰেশ্বৰ চুতীয়া নামৰ ব্যক্তিজনে তেওঁৰে ভাতৃ মনোজ চুতীয়াক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত মনোজক যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ নিয়ে যদিও শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে। মনোজৰ মৃত্যুৰ পাছতেই উক্ত নিশাই মেৰাপানী আৰক্ষীয়ে ভাতৃহন্তা খিৰেশ্বৰক গ্ৰেপ্তাৰ কৰে। ইফালে আজি হত্যাকাৰী ভাতৃৰ ভাষ্য গ্ৰহণ কৰাৰ পাছত মেৰাপানী আৰক্ষীয়ে খিৰেশ্বৰক গোলাঘাটৰ ন্যায়িক আদালতলৈ প্ৰেৰণ কৰিছে।