অসম

চামগুৰিৰ গেন্ধালিত জটিল ৰোগত আক্ৰান্ত ৯ বছৰীয়া “পবিত্ৰ”

সংবাদদাতা, পুৰণিগুদাম:- যিটো সময়ত এটি শিশুৱে খেলা-ধূলাৰ মাজেৰে জীৱনৰ পদূলিত খোজ দিয়ে, সেইটো সময়তে চামগুৰিৰ গেন্ধালি কছাৰী গাঁৱৰ “পবিত্ৰ ৰবি দাস” জটিল ৰোগত আক্ৰান্ত হৈ যুঁজঁ দিব লগীয়া হৈছে। গেন্ধালি কছাৰী গাঁৱৰ বিনোদ ৰবি দাসৰ সন্তান পবিত্ৰ ৰবি দাস তিনি বছৰ বয়সত সাধাৰণ জ্বৰত আক্ৰান্ত হৈছিল যদিও চিকিৎসকৰ পৰামৰ্শ লৈ কিছুদিন সুস্থ হৈ উঠিছিল। কিন্তু পুনৰ জ্বৰত আক্ৰান্ত হোৱাত চিকিৎসক কাষচপাত বিভিন্ন পৰীক্ষা কৰা অন্তত চিকিৎসকে পবিত্ৰক চিকিৎসাৰ কাৰণে বাহিৰলৈ নিবলৈ পৰামৰ্শ দিয়ে। কিন্তু আৰ্থিক ভাবে দুৰ্বল পিতৃ বিনোদে কণমানি পবিত্ৰক বাহিৰলৈ নিবলৈ সক্ষম নহল। যাৰ ফলত পবিত্ৰৰ যন্ত্ৰণা কাতৰ মুখলৈ চাই নিৰবে চকুলো টুকিব লগীয়া হৈছিল। নগাঁৱকে ধৰি বহুতো ঠাইত চিকিৎসা কৰাইছিল যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে। অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰাও বঞ্চিত হবলগীয়া হৈছে পবিত্ৰ। অতি দৰিদ্ৰ পৰিয়ালটোৱে বিভিন্ন চৰকাৰী বিভাগৰ লগত যোগাযোগ কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুবিধা লাভ কৰিবলৈ সক্ষম নহল। । কোনো সুহৃদয়বান লোকেও যদি সহায় কৰিব বিচাৰে তেন্তে MRS. MUNU RABI DAS, Ac.No: 34196437523, IFSC: SBIN0002119 একাউণ্ট নম্বৰত বা +918135851917 ফোন নম্বৰত যোগাযোগ কৰি শিশুটিক উন্নত চিকিৎসাৰ বাবে সহায় কৰিব বুলি শিশুটিৰ পিতৃ মাতৃ আশা কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক পবিত্ৰৰ সুচিকিৎসাৰ ব্যৱস্থা কৰি দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: