অসম

চাহৰ দোকানেৰে স্বাৱলম্বী পুৰণিগুদামৰ উচ্চ-শিক্ষিত যুৱতী ইন্দুশ্ৰী কলিতা

সংবাদদাতা, পুৰণিগুদাম:- ৰাজ্যত ভয়াৱহ নিবনুৱা সমস্যাৰ কবলত পৰি যিটো সময়ত অসমৰ হাজাৰ-হাজাৰ শিক্ষিত নিবনুৱাই এটা চৰকাৰী কৰ্মসংস্থাপন বিছাৰি হাহাকাৰ কৰিবলগা হৈছে অথবা কৰ্মসংস্থাপনৰ অভাৱত যিটো সময়ত বহু নিবনুৱা যুৱক-যুৱতী বিপথে পৰিচালিত হৈছে সেই সময়ত নিবনুৱাৰ কাৰণে আদৰ্শ হৈ পৰিছে এগৰাকী উচ্চ শিক্ষিত যুৱতী। এইগৰাকী যুৱতীয়ে চৰকাৰী কৰ্মসংস্থাপনলৈ আশা নকৰি নগাঁও চহৰৰ চামগুৰি টেম্পু ষ্টেণ্ডৰ নিচেই সমীপৰ পদপথত এখন “বাটৰ চাহ” নামৰ দোকান খুলি নিজকে সংস্থাপিত কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে। পুৰণিগুদাম নামপানী গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কলিতা আৰু মাতৃ পংকজা কলিতাৰ একমাত্ৰ কন্যা ইন্দুশ্ৰী কলিতাই অসমীয়া ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও কলিকতাত চাৰিবছৰ লাইট- মিউজিকৰ শিক্ষাগ্ৰহণ কৰাৰ লগতে ৰবীন্দ্ৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু ভাষাৰ ওপৰত বিশেষ পাঠ্যক্ৰমৰ শিক্ষাগ্ৰহণ কৰিছিল। বৰ্তমান সময়তো নেট আৰু শ্লেটৰ কাৰণে পঢ়া-শুনা কৰি থকা ইন্দুশ্ৰী কলিতাই পুৰণিগুদামৰ পৰা ১৫ কিলোমিটাৰ গৈ নিজৰ কৰ্মস্থলীত কৰ্মসংস্থাপনৰ সংগ্ৰাম অব্যাহত ৰাখিছে। “বাটৰ চাহ” নাম দোকানখনক অতি সুন্দৰ চাহৰ জুটি ল’বলৈ গ্ৰাহকে ভিৰ কৰাৰ উপৰিও অন্যান্য গৰম-গৰম খাদ্য খাবলৈ ভিৰ কৰিছে গ্ৰাহকে।চাহকে ধৰি সকলো খাদ্য নিজে তৈয়াৰ কৰি ভাল পোৱা ইন্দুশ্ৰীক মাজে-সময়ে ভাতৃ প্ৰজ্ঞান কুলশ্ৰীয়ে সহায় কৰি আহিছে। পিতৃ-মাতৃ তথা ওচৰ-চুবুৰীয়াৰ অতি মৰমৰ ইন্দুশ্ৰীয়ে অতি সাহসেৰে এই কাম নিশালৈকে কৰি পুনৰ ঘৰলৈ আহিছে। এইগৰাকী উচ্চশিক্ষিত যুৱতী এগৰাকী গায়িকা হিচাপেও প্ৰতিষ্ঠিত। উল্লেখ্য যে, দোকানৰ খাদ্য সামগ্ৰী বনোৱাৰ ব্যস্ততাৰ মাজতে এইগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে নেট-শ্লেটকে ধৰি অন্যান্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে পঢ়া-শুনাও কৰিছে যুৱতী গৰাকীয়ে।সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত যুৱতী গৰাকীয়ে কয়, অসমীয়া শিক্ষিত যুৱক-যুৱতীসকলে যিকোনো আন্দোলনত জড়িত হৈ সময় নষ্ট কৰাতকৈ নিজৰ কৰ্মসংস্কৃতিৰ জড়িয়তে আন্দোলন কৰিব লাগে। পথত আন্দোলন কৰি যিমান প্ৰভাৱ পেলাব পাৰি কৰ্ম-সংস্কৃতিৰ জড়িয়তে কৰা আন্দোলনে অধিক প্ৰভাৱ পেলাব পাৰি বুলি মন্তব্য কৰি উচ্চশিক্ষিত ইন্দুশ্ৰীয়ে উচ্চ শিক্ষিত বা কম শিক্ষিত যিয়েই নহওক সকলোৱে নিজৰ স্থানত কৃষি, মীন বা আন কামৰ জৰিয়তে সংস্থাপিত হ’ব পাৰে বুলি মন্তব্য কৰি সকলো নিবনুৱাক কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button