অসম

চাহ জনজাতি অসমীয়া জাতিৰ এক বৃহৎ অংশ : মোহন তাঁতী

টংলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন আৰু কাৰ্যালয় উদ্বোধন

সংবাদদাতা, টংলা:- অসমীয়া মহাজাতিৰ এক বৃহৎ অংশ হৈছে চাহ জনজাতি। চাহ জনজাতিয়ে অসমীয়া জনজীৱনৰ স’তে সমিল মিলেৰে একতাৰ ডোলেৰে, শান্তি সম্প্ৰীতিৰে যুগ যুগ ধৰি বসবাস কৰি আহিছে। অসমৰ সামগ্ৰিক উন্নয়নত অৱদান আগবঢ়াই আহিছে। অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ টংলাবাসীৰ লগতে অসমবাসীৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিলো। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আদৰণি সমিতিৰ কাৰ্যলয় উদ্বোধন কৰি দিয়া বক্তব্যত এইদৰে কয় সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি তথা প্ৰতিষ্ঠা দিৱসৰ স্মৃতি গ্ৰন্থৰ সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি নীলয় চলিহাই বক্তব্য ৰাখি প্ৰতিষ্ঠা দিৱসটি সাফল্যমণ্ডিত আৰু সৰ্বাংগসুন্দৰ কৰিবলৈ যৎপৰোনাস্তি সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কাৰ্যালয় উদ্বোধনৰ পূৰ্বে টংলা উচ্চতৰ মাধ্যমিক খেল পথাৰত প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন কৰি এক উৎসাহমূলক বক্তব্য ৰাখে বিদ্যালয়ৰ অধ্যক্ষ ডঃ দিলীপ বৰুৱাই। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য প্ৰচাৰ সম্পাদক তথা আদৰণি সমিতিৰ উপসভাপতি হেমন্ত বৰা কোচ আৰু ওদালগুৰি জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি দ্বীপ তাঁতীয়ে আঁত ধৰা অনুষ্ঠানত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য উপেন সিং, প্ৰাক্তন ছাত্ৰ নেতা দ্ৰোণ হাজৰিকা, সাংবাদিক বাপন শৰ্মা, নাৰায়ণ ডেকা, ফটিক নন্দন ৰাভা, টংলা আঞ্চলিক আছু’ৰ সম্পাদক ৰিংকু ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টংলা অঞ্চলিকৰ সদস্য, হাতীগড় হাই স্কুলৰ সহ শিক্ষক নন্দু কুৰ্মীৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকলে উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: