অসম

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত P.R.L. কোম্পানীৰ ধোঁৱাই চানি ধৰিছে পুৰণিগুদামৰ বহু গাঁও

সংবাদদাতা, চামগুৰি আৰু পুৰণিগুদাম : কৰ’নাই কোঙা কৰিছে ভাৰতক, বিধ্বস্ত কৰিছে জনজীৱনৰ। কোনোবাদিনা যদি আক্ৰান্তৰ সংখ্যা কমিছে, তাৰ পিছদিনাই আকৌ বাঢ়িছে সংক্ৰমণ। মহামাৰী ক’ৰণাই নহয়, প্ৰদূষণেহে এতিয়া প্ৰাণ কাঢ়ি নিয়াৰ উপক্ৰম কৰিছে এটা বিশেষ অঞ্চলৰ ৰাইজৰ। ৰাজ্যত উদ্ভৱ হোৱা ক’ভিড-১৯ৰ উদ্বেগজনক পৰিস্থিতিৰ পিছতো বহুবোৰ অঞ্চলত স্থবিৰ হোৱা নাই বিশেষ উন্নয়নমূলক বহুবোৰ কাম।নগাঁৱত দ্ৰুতগতিত চলি আছে চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মানৰ কাম। নগাঁও জিলাৰ উৰিয়াগাঁৱৰ পৰা কলিয়াবৰ পৰ্য্যন্ত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামটো ইয়াৰ ভিতৰতে অন্যতম।

কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ নিৰ্মানকাৰ্য্যৰ সৈতে জড়িত P.R.L. নামৰ কোম্পানীটোৱে কৰি অহা মইমতালিৰ ফলত এতিয়া ভাবুকি আহিছে জনজীৱনৰ প্ৰতি। কিয়নো কোম্পানীটোৱে পুৰণিগুদামৰ কাষৰিগাঁৱত তথা কলঙৰ দাঁতিতে সংস্থাপন কৰা বৃহৎকায় যন্ত্ৰাংশ সমূহৰ পৰা শেহতীয়াকৈ নিৰ্গত হোৱা ক’লা ধোঁৱাই নিতৌ চানি ধৰে সীমামূৰীয়া গাঁওসমূহ। ফলস্বৰূপে দাঁতিকাষৰীয়া কাষৰিগাঁও, আউনীআটি, কঢ়ালীগাঁও, কলংপাৰ হালোৱাগাঁও আদি অঞ্চলৰ শিশু-বৃদ্ধকে

ধৰি সমূহ গাঁওবাসীৰ বাবে উশাহ লোৱাটোৱে হৈ পৰিছে যথেষ্ট কষ্টকৰ। যাৰ বাবে এই ক’ৰণাৰ কালত এতিয়া অতিশয় শংকিত হৈ পৰিছে গাঁও কেইখনৰ সৰ্বসাধাৰণ লোকসকল। ইফালে P.R.L. কোম্পানী কতৃপক্ষকো স্থানীয় ৰাইজে এই বিষয়ে বহুবাৰ অবেদন-নিবেদন কৰাৰ পিছতো জনস্বাস্থ্যৰ প্ৰতি তিলমানো কেৰেপ নকৰা কোম্পানীটোৱে প্ৰদূষণ সৃষ্টি কৰা যন্ত্ৰাংশ কেনেদৰে ঠাইখনত সংস্থাপন কৰিব পাৰিলে

তাকলৈ এতিয়া সন্দেহ তথা চৰম ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ভুক্তভোগী বিভিন্নজনে।‌ বায়ু প্ৰদূষণৰ দ্বাৰা বৃহত্তৰ অঞ্চলটোৰ জনস্বাস্থ্যৰ লগতে কলং নৈকে ধৰি চৌপাশৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা P.R.L. কোম্পানীয়ে আগন্তুক দিনত ৰাইজৰ আহ্বানক সহাৰি জনাই প্ৰদূষণ ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰিলে শীঘ্ৰে কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদমূখৰ কাৰ্যসূচী গ্ৰহন কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় একাংশ জাতীয় সংগঠনৰ নেতৃত্ববৰ্গয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: