অসম

‘চিআৰএচডিটি’ৰ উদ্যোগত জীৱনশৈলী বিষয়ক অনুষ্ঠান সম্পন্ন

সংবাদদাতা, টংলা:- সামাজিক অনুষ্ঠান ‘চিআৰএচডিটি’ৰ যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগৰ উদ্যোগত আৰু জনপ্ৰিয় ইউটিউব চেনেল ‘প্ৰতিদিন যোগচৰ্চা’ৰ সহযোগত ফেচবুক লাইভৰ জৰিয়তে ৰবিবাৰে নিশা এখনি অনলাইন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

বিশিষ্ট যোগবিদ ৰংমন ৰংদৈ আৰু কানাডা নিবাসী গৱেষক দেৱাঞ্জন বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থকা এই অনুষ্ঠানটিত ‘লাইফষ্টাইল আৰু শাৰীৰিক মানসিক সমস্যা’ বিষয়ত বিজ্ঞানসন্মতভাৱে আলোকপাত কৰা হয়৷ পৰিশ্ৰমবিহীন

জীৱনশৈলীৰ ভয়াৱহতা, অসন্তুলিত খাদ্যাভাস, বিবিধ জীৱনশৈলী জনিত ৰোগ, ব্ৰহ্মমূহুৰ্তত শোৱাপাটী এৰাৰ সুফল, যোগাভ্যাসৰ উপকাৰিতা, মানসিক উদ্বিগ্নতাৰ কাৰণ আদি নানা বিষয়ত বিশেষজ্ঞ ব্যক্তি দুজনে প্ৰাঞ্জল ভাবে উপস্থাপন কৰে। উপস্থিত

দৰ্শক শ্ৰোতা সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে বিশেষজ্ঞ ব্যক্তি দুজনে। জনস্বাস্থ্য ৰ উত্তৰণৰ জৰিয়তে ৰাষ্ট্ৰ কল্যাণৰ এনে কাৰ্যসূচী আগন্তুক দিনত আৰু অধিক বিস্তাৰিতভাবে অনুষ্ঠিত হ’ব বুলি ‘ চি আৰ এচ ডিটি’ ৰ সচিব ভাৰ্গৱ কলিতাই মত পোষণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: