অসম

চিআৰএচডিটিৰ উদ্যোগত দুৰ্গেশ্বৰ কলিতা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ সফল সামৰণি

সংবাদদাতা, টংলা:- চিআৰএচডিটি’ ৰ উদ্যোগত দুৰ্গেশ্বৰ কলিতা সোঁৱৰণী দৰং জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা আজি দৰং জিলাৰ দিপীলাস্থিত জ্ঞানদীপ একাডেমী’ত সফলতাৰে সম্পন্ন হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে দুনী গাঁৱৰ অৱসৰী শিক্ষক তথা চিত্ৰশিল্পী শ্ৰদ্ধাৰ ললিত চন্দ্ৰ শইকীয়াই। প্ৰতিযোগিতাখনিত অধ্যক্ষৰ আসন শুৱনি কৰে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা সাহিত্যসেৱী শিশিৰ কুমাৰ শৰ্মাই। বিচাৰকৰ আসন শুৱনি কৰে ক্ৰমে সংস্কৃত বিদ্বান ধ্ৰুৱজ্যোতি মহন্ত, শিক্ষক তথা ফটোগ্ৰাফাৰ সত্যেন্দ্ৰ কলিতা আৰু সমাজ সংগঠক, সংস্কাৰ মিছনৰ ট্ৰাষ্টী গৌতম শৰ্মাই।’ ইন্টাৰনেট আসক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ দৈহিক মানসিক স্বাস্থ্য ‘ শীৰ্ষক বিজ্ঞানসন্মত বাখ্যা আগবঢ়াই বিশিষ্ট যোগবিদ ৰংমন ৰংদৈয়ে। প্ৰতিযোগিতা খনিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় লাভ কৰে ক্ৰমে ছিপাঝাৰ মহাবিদ্যালয়ৰ শ্বেহজাদী শ্ববনম চুলতানা, মঙলদৈ মহাবিদ্যালয়ৰ দীপাংকৰ ওজা আৰু ছিপাঝাৰ মহাবিদ্যালয়ৰ মৃগেন কলিতাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ জিতুমণি কলিতাই। অনুষ্ঠানটিৰ সাৰ্থক ৰূপায়নত অনুভৱ পৰাশৰ, অমৰ জ্যোতি ডেকা, ৰাহুল ডেকা, ৰংমন ৰংদৈ, নিপন কলিতা, আব্দুল আজিজ, পল্লৱ শৰ্মা, চন্দন কলিতাৰ অৱদান চমকপ্ৰদ। ‘জ্ঞানদীপ একাডেমী’ৰ সহৃদয়তাক আমি শলাগিছোঁ। বিদ্যাৰ্থী সকলক অনুপ্ৰাণিত কৰাৰ জৰিয়তে প্ৰয়াত দুৰ্গেশ্বৰ কলিতা স্মৃতি সজীৱ কৰিবলৈ প্ৰয়াত দুৰ্গেশ্বৰ কলিতাৰ পৰিয়ালবৰ্গৰ যি প্ৰচেষ্টা, সেয়া প্ৰশংসনীয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: