অসম

চিএছআইআৰ-যোৰহাটস্থিত নেইষ্টৰ বিজ্ঞানী ড° মণ্টু ভূঞালৈ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে আগবঢ়াইছে সন্মান

সংবাদদাতা, বাহনা:- চিএছআইআৰ-যোৰহাটস্থিত-উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নেইষ্ট)ৰ কৃষি প্ৰযুক্তি আৰু গ্ৰামীণ বিকাশ বিভাগৰ প্ৰধান বিজ্ঞানী ডঃ মণ্টু ভূঞালৈ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমি, ভাৰতৰ সন্মানীয় সদস্যৰ পদ আগবঢ়োৱা হৈছে। ১৯৩০ চনত উত্তৰ প্ৰদেশৰ তেতিয়াৰ এলাহাবাদ আৰু বৰ্তমানৰ প্ৰয়াগৰাজত স্থাপিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বিজ্ঞান একাডেমি। চিএছআইআৰ-নেইষ্টৰ সঞ্চালক ডঃ জি নৰহৰি শাস্ত্ৰীয়ে এই স্বীকৃতিক প্ৰতিষ্ঠানখনৰ বাবে উৎসাহজনক খবৰ বুলি মন্তব্য আগবঢ়ইছে। ডঃ ভূঞাই এই সন্মান লাভ কৰাৰ বাবে প্ৰতিষ্ঠানখনত অনুষ্ঠিত সম্বৰ্ধনাত সঞ্চালকগৰাকীয়ে কয়, এই বিৰল সাফল্য কেৱল ডঃ ভূঞাৰে সাফল্য নহয়, ই প্ৰতিষ্ঠানখনৰ বাবেও এক কৃতিত্ব যিয়ে এই প্ৰতিষ্ঠানখনক এক উচ্চ মাত্ৰা প্ৰদান কৰাৰ লগতে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ দিশত সঞ্জীৱণীৰ কাম কৰিব। সম্বৰ্ধনা গ্ৰহণ কৰি ডঃ ভূঞাই কয়, এই সাফল্য লাভৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ প্ৰতিজন বিষয়া, কৰ্মচাৰীৰ সহযোগ আৰু কৰ্মৰ বাবেহে সম্ভৱ হৈছে।

পৰিৱেশতন্ত্ৰত যিদৰে প্ৰতিটো উপাদানৰ এক এক গুৰুত্বপূৰ্ণ অৱদান থাকে, যিবোৰৰ সন্ধান বিজ্ঞানে আজিও অব্যাহত ৰাখিছে। ঠিক সেইদৰে এজন ব্যক্তিৰ সফলতাত এনে বহুতো মানুহৰ নেদেখা অৱদানে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। বৰপেটা জিলাৰ সৰ্থেবাৰীত জন্ম গ্ৰহণ কৰা ডঃ ভূঞাই সৰ্থেবাৰীতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি পাছত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০৫ চনত তেওঁ নেইষ্টত বিজ্ঞানীৰূপে যোগদান কৰাৰে পৰা বিভিন্ন উদ্ভাৱন তথা গৱেষণাৰে প্ৰতিষ্ঠানটোৰ লগতে সমাজলৈও বিশেষ অৱদান আগবঢ়াইছে। তেওঁ শস্য আৰু কীট-পতংগৰ সম্বন্ধীয়, বিশেষকৈ অৰ্থনৈতিক শস্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, কীট-পতংগ প্ৰতিৰোধৰ বাবে ঔষধি আৰু সুগন্ধি উদ্ভিদৰ জৈৱ-সম্ভাৱনা, পতংগৰ বিশেষকৈ পখিলাৰ জৈৱ বৈচিত্ৰ্য আৰু আৰু ভেষজ ঔষধৰ বিষয়ে প্ৰায় দুই দশকজুৰি গৱেষণা কৰি আছে।

কীট-পতংগ প্ৰতিৰোধ সম্পৰ্কীয় তেওঁৰ কাম কাজসমূহ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশিত হৈছে। তেওঁৰ দ্বাৰা বিকশিত বাত-বিষ নিৰাময়ৰ প্ৰযুক্তি ভাৰতৰ কেইবাটাও উদ্যোগীলৈ হস্তাস্তৰ কৰা হৈছে আৰু এই দ্ৰব্যসমূহে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। তেওঁৰ মৌ ব্যৱস্থাপনাৰ প্ৰযুক্তিকেইটাও যথেষ্ট সফল। তাদুপৰি ডঃ ভূঞাৰ নেতৃত্বত গৱেষক দলে ছালত হোৱা ভেঁকুৰৰ সংক্ৰমণ, পোহনীয়া জন্তুৰ ছালৰ ৰোগৰ সংক্ৰমণ নিৰাময়ৰ বাবে, কৃষকৰ পানীয়ে খোৱা ৰোগৰ নিৰাময়ৰ বাবেও ভেষজ উপষম কিছু সফল দ্ৰৱ্য-প্ৰযুক্তি বিকশিত কৰিছে আৰু এইবোৰ উদ্যোগীলৈ হস্তান্তৰো কৰা হৈছে। এতিয়ালৈকে তেওঁৰ নেতৃত্বত ৯টা ভেষজ দ্ৰৱ্যৰ প্ৰযুক্তি বাণিজ্যিকীকৰণৰ বাবে ২২টা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: