অসম

চিত্ৰকলা পৰীক্ষাত যোৰহাটৰ সৰস্বতী কলা নিকেতনৰ ১৫ গৰাকী উত্তীৰ্ণ

সংবাদদাতা, পশ্চিম যোৰহাট: – সৰ্বভাৰতীয় চিত্ৰকলা পৰীক্ষাত যোৰহাট মালৌখাতৰ সৰস্বতী কলা নিকেতনৰ মুঠ ২৯ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল। তাৰ ভিতৰত বিভিন্ন শাখাত তিনিগৰাকীয়ে ডিষ্ট্ৰিংচন লাভ কৰাৰ লগতে ১২ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ২০১৩ চনতে প্ৰতিষ্ঠা কৰা মালৌখতৰ বসন্ত গগৈ, পবিত্ৰ গগৈ আৰু যোৰহাটৰ চিত্ৰশিল্পী পৰাগজ্যোতি কোঁৱৰৰ প্ৰচেষ্টাত মালৌখাত উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিচালিত হৈ থকা বিদ্যালয়খনৰ সমন্বয়ক মৃদুস্মিতা বৰুৱাৰ সহযোগত দুখন শাখা বিদ্যালয়ো পৰিচালনা কৰি থকা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: