অসম

চিনামৰা বালিকা বিদ্যালয়ৰ সফলতা

সংবাদদাতা, বাহনা:- আজি সামৰণি পৰা যোৰহাট জিলা এথলেটিকচ সমাৰোহ-২০২১ত চিনামৰা বালিকা বিদ্যালয়ৰ দলটিয়ে আঠটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ সংগীত শিক্ষয়িত্ৰী হীমাৰাণী কলিতাৰ তত্ত্বাৱধানত যোৱা দলটিৰ ১৪ বছৰ অনুৰ্ধ শাখাত আছিফা আনজু লংজাম্পত দ্বিতীয়, টিছা ঘটোৱাৰ লংজাম্পত প্ৰথম, স্বতপুটত প্ৰথম, ১৬ বছৰ অনুৰ্ধ শাখাত তৃখা তাঁতী ৪০০ মিটাৰ দৌৰত দ্বিতীয়,

লংজাম্পত তৃতীয়, জোনাকী থাপাই ২০০, ৪০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰে। আনহাতে, দলটিয়ে ৪০০ মিটাৰ ৰীলেত দ্বিতীয় স্থান পায়। দলটিৰ আন সদস্যা কেইগৰাকী হ’ল ৰাহী ভূমিজ, ৰিঞ্জু তাঁতী আৰু চুমায়া গোৱালা। উল্লেখ্য, সমাৰোহত ৬৬টা দলৰ ৬৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ সফল্যত অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: