অসম

চিন্দ্ৰীঝাৰ প্ৰাথমিক বিদ্যালয়ত শিশু সুৰক্ষা দিৱস পালন

সংবাদদাতা, টংলা:- সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি আজি চিন্দ্ৰীঝাৰ প্ৰাথমিক বিদ্যালয়ত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগ আৰু আৰু চিন্দ্ৰীঝাৰ ৰাইজ সহযোগত ৰাজ্যিক শিশু সুৰক্ষা দিৱস পালন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰাতিপুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১২ বজাত জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই আঁতধৰা সজাগতা সভাত ওদালগুৰি জিলা সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰীয়ে শিশুসকলৰ মাজত প্ৰেৰণামূলক ভাষণ ৰাখে। আনহাতে ৰ’জ এনজিঅ’ৰ পৰিচালক ললিত বড়ো, প্ৰধান শিক্ষক নৰেন্দ্ৰ বিক্ৰম সুব্বি, শিশু কল্যাণ বিষয়া নিৰুপমা চহৰীয়া, বিজয় মিঞ্জ, মীনা দাস, এছ এছ বি সৈনিকজন বৰুৱা, ভিচিডিচিৰ চেয়াৰ মেন ফিলিমণ হাচদা আৰু জিলা আইন সেৱা প্ৰাধিকীৰ সম্পাদক অজয় বসুমতাৰীয়ে শিশু সুৰক্ষা, শিশুৰ আইন, শিশুৰ অধিকাৰ সন্দৰ্ভত বিস্তৃত ভাবে সজাগ দিয়ে। প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী ৰাইজ উপষ্টি থকা সভা খনত উপস্থিত থাকে ক্ৰমে সৰ্বশিক্ষাৰ প্ৰকল্প বিষয়া বুবুল খাকলাৰি, সহ শিক্ষক পূৰ্ণ সিং বিস্ত, সমাজ সেৱক সঞ্জয় টুদু, ফেৰেংগাডাউ এনজিঅ’ৰ কৰ্মী হেমেন শৰ্মা বৰুৱা, মিলন দাস, জিলা সুৰক্ষা বিষয়া বুদ্ধ বসুমতাৰী, জিলা শিশু সুৰক্ষা সমিতিৰ কৰ্মী দিলীপ শৰ্মা, বেৰণিকা দৈমাৰী, প্ৰানেশ্বৰ ৰয়, জ্যোতিষ দাস, প্ৰণৱ জ্যোতি তালুকদাৰ, সহাদেৱ গৌতম লগতে ৰজ শিশুগৃহৰ অধ্যক্ষ হিৰামনি খাকলাৰি, চাইল্ড লাইনৰ সমন্বয়ক লিনাৰাভা, টিম মেম্বৰ অৰুপ বড়োয়ে উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button