অসম

চুৰি হোৱা গৰু কিনি হেকমত আলী হ’ল ৰঙা ঘৰৰ আলহী

সংবাদদাতা, লাহৰীঘাট:- লাহৰীঘাটত চুৰি হোৱা গৰু কিনি এজন ব্যক্তি ৰঙা ঘৰৰ আলহী হ’বলগীয়া হয়। উল্লেখ্য যে, লাহৰীঘাটৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱৰ হেকমত আলীৰ তিনিদিন আগতে এটা গাইগৰুসহ দুটা গৰু চুৰি হৈছিল। ঘটনা সন্দৰ্ভত ভূৰাগাঁও আৰক্ষীক জনোৱাত ভূৰাগাঁও আৰক্ষীৰ তৎপৰতাত লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা আউটপোষ্টে চুৰি হোৱা গৰুসহ এজনক আটক কৰিবলৈ সক্ষম হয়। চুৰি হোৱা গৰুসহ আটক হোৱা ব্যক্তিজন বৰছলা আউটপোষ্টৰ অন্তৰ্গত খাপকাটি গাঁৱৰ ছাত্তাৰ আলী। বৰছলা আউটপোষ্টৰ আৰক্ষীয়ে যোৱা নিশা এক গোপন সূত্ৰৰ পম আটক হোৱা ব্যক্তিজনৰ ঘৰৰ পৰা চুৰি হোৱা গৰুসহ ব্যক্তিজনক আটক কৰে। পৰৱৰ্তী সময়ত বৰছলা আৰক্ষীয়ে ভূৰাগাঁও আৰক্ষীক গৰুসহ আটক হোৱা ব্যক্তিজনক চমজাই দিয়ে। ভূৰাগাঁও আৰক্ষীয়ে ব্যক্তিজনক সোধপোচ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। আটক হোৱা ব্যক্তিজনে গৰু দুটা একে গাঁৱৰে বেপাৰীৰ পৰা কিনা বুলি স্বীকাৰ কৰে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে চুৰিকাৰ্যত লগত জড়িত কোনো এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু চোৰ এক সন্ত্ৰাস সৃষ্টি কৰিছিল। আৰক্ষীৰ সঠিক তদন্তত হে গৰু চুৰি কাণ্ডৰ লগত জড়িত চক্ৰটো পোহৰলৈ আহিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: