অসম

চেলেংহাটত চোৰৰ উপদ্ৰৱ: নিশা কৰতেৰে কাটি লৈ যায় বহুমূলীয়া সাঁচি গছ

সংবাদদাতা, টীয়ক:- যোৰহাট জিলাৰ চেলেংহাট অঞ্চলত চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে। সদ্যহতে চোৰে লক্ষ্য কৰি লৈছে জনবসতিৰ পৰা আঁতৰত থকা বহুমূলীয়া সাঁচি গছ। ইতিপূৰ্বে চেলেংহাটৰ বিভিন্ন স্থানত ৰাতিৰ আন্ধাৰত বহুমূলীয়া সাঁচি গছ চোৰ কৰাৰ ঘটনা সংঘটিত হৈছে। অনুৰূপ ধৰনে যোৱা নিশাও চেলেংহাটৰ কুকুৰাচোৱা গাঁৱৰ নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক মন্টু শ‌ইকীয়াৰ চাহ বাগিছাত থকা এডাল বহুমূলীয়া সাঁচি গছ চোৰ কৰি লৈ যায়। গছডালৰ আনুমানিক মুল্য প্ৰায় পয়ত্ৰীশ হেজাৰ হ’ব বুলি গৃহস্থ মন্টু শ‌ইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ৰাতিপুৱা সাঁচি চোৰৰ বিষয়ে জানিব পাৰি চেলেংহাট আৰক্ষীক বিষয়টি অৱগত কৰি এক এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। 

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: