অসম

চেলেংহাট প্ৰেছ ক্লাব গঠন

সংবাদদাতা, টীয়ক:- আজি মে-ডাম-মে-ফিৰ পৱিত্ৰ দিনটোত যোৰহাট জিলাৰ সীমান্তৱৰ্তী চেলেংহাটৰ সংবাদকৰ্মী সকলৰ এখন মঞ্চ তৈয়াৰ কৰাৰ উপলক্ষে চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক সীমান্ত প্ৰতীম বৰ্মনৰ সভাপতিত্বত হোৱা সাংবাদিক মদন মোহন পাগবন্ধাই আঁত ধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈয়ে সুস্থ সংবাদৰ ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত সকলোৱে কাম কৰিব লাগে বুলি মন্তব্য কৰে। সভাত সাংবাদিক জুণ্টু তাঁতী, অনুৰাগ শইকীয়া, দেৱবিকাশ দত্ত আদিয়ে চেলেংহাট অঞ্চলৰ সংবাদ কৰ্মী সকল একত্ৰিত হোৱাৰ পোষকতা কৰে। ইয়াৰ পিছত সৰ্বসন্মতি ক্ৰমে মদন মোহন পাগবন্ধাক সভাপতি, অনুৰাগ শইকীয়াক সম্পাদক, জুণ্টু তাঁতীক কোষাধ্যক্ষ হিচাপে লৈ চেলেংহাট প্ৰেছ ক্লাবৰ সমিতিখন গঠন কৰে। উল্লেখযোগ্য যে সভাৰ পূৰ্বে চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে এটি চন্দনৰ পুলি ৰোপণ কৰি সভাখনৰ শুভাৰম্ভ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button