অসম

চোৰাং গৰু বেপাৰীক শাস্তিৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,পুৰণিগুদাম শাখাৰ

চামগুৰি আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান

বিশেষ সংবাদদাতা, পুৰণিগুদাম : ক’ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিয়া সান্ধ্য আইনৰ মাজতে এচাম অসাধু, চোৰাং ব্যৱসায়ীযে চামগুৰি, পুৰণিগুদামৰ বিভিন্ন অঞ্চলৰ পৰা গৰু চুৰি কৰি নি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ

লগতে বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ কৰি থকাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,পুৰণিগুদাম আঞ্চলিক সমিতিয়ে অতি সোনকালে সেইসকল চোৰাং,

অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই চামগুৰি আৰক্ষী থানাত যোৱা ২১ মে’ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিসভাপতি চন্দন ফুকন আৰুসাধাৰণ সম্পাদক দিব্যজিত হাজৰিকাই জানিবলৈ দিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: