অসম

চৰকাৰী নিৰ্দেশত বৰ্জন কৰা হ’ল সমূহীয়া ঈদৰ নামাজ

জনশূন্য ধূলাৰ বিভিন্ন ঈদগাহ

সংবাদদাতা, ধূলা : আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল-ফিতৰ। ইছলামধৰ্মী লোকসকলে প্ৰতি বছৰৰ আৰবী ৰমজান মাহটো সম্পূৰ্ণ ৰোজা ৰাখে। বিগত সময়বোৰত সম্পূৰ্ণ এমাহ ৰোজা ৰাখি অতি আনন্দেৰে ঈদ উল-ফিতৰ উদযাপন কৰে।

আজি সমগ্ৰ ভাৰতবাসীৰ লগতে অসমৰ দৰং জিলাৰ অন্তৰ্গত ধূলা, সৰকাৰ চ’ক, টাংনি চাৰিয়ালী,পানীয়াখাট, ওন্দোলাঝাৰ, বালাবাৰী, হিৰাপাৰা আদি বিভিন্ন ঠাইত পালন কৰা হয় পবিত্ৰ ঈদ উল-ফিতৰ। পিছে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে উলহ-মালহেৰে পালন নহ’ল ঈদ।

কৰ’না ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন  নীতি নিৰ্দেশনা মতে  ইছলামধৰ্মী লোকসকলে ঘৰে ঘৰে সামাজিক দুৰত্ব বজাই ৰাখি  ‌পালন  কৰে পবিত্ৰ ঈদৰ নামাজ। অঞ্চলবোৰৰ অন্তৰ্গত বিভিন্ন ঈদগাহ ময়দানত প্ৰত্যেক

বছৰে প্ৰায় ৫/৬ শতাধিক লোকৰ উপস্থিতিত ঈদৰ নামাজ সম্পন্ন কৰা হয় ঈদৰ নামাজ। বিগত বছৰৰ দৰে এই বছৰো কৰণাৰ দ্বিতীয়টো ঢৌৱে ভৱাবহ ৰূপ ধাৰণ কৰাত চৰকাৰে নতুন এচ অ পি জাৰি কৰি সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰে।

প্ৰশাসনৰ উক্ত নিৰ্দেশ মৰ্মে অঞ্চলটোৰ ঈদগহ কমিটিয়ে সমূহীয়া ঈদৰ সমূহীয়া  নামাজ বৰ্জন কৰি ঘৰে ঘৰে সম্পন্ন কৰে নামাজ। ইছলামধৰ্মী লোকৰ পবিত্ৰ উৎসৱটি উলহ-মালহেৰে পালন কৰাৰ আশা ত্যাগ দি চৰকাৰ-প্ৰশাসনৰ নিৰ্দেশ মানি পৰিচালিত হোৱা পৰিলক্ষিত হ’ল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: