অসম

ছাগলী পালনেৰে আত্মনিৰ্ভৰ ডিমাকুছিৰ অংশুমান বড়ো

চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত উদ্যমী যুৱকজন

সংবাদদাতা, টংলা:- চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি নাখাই স্ব-উপাৰ্জিত ধনেৰে ছাগলী পালনেৰে আর্থিকভাৱে স্বচ্ছল হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰে কৈ অহা আত্মনিৰ্ভৰ ভাৰত বা অসমৰ গৌৰৱ বৃদ্ধি কৰি তুলিছে যদিও আজি চৰকাৰ তথা বেংক সমূহৰ পৰা অৱহেলিত বঞ্চিত হৈ পৰিছে এই গৰাকী প্ৰকৃত পশুপালক ওদালগুৰি জিলাৰ ডিমাকুছিৰ অংশুমান বড়ো। উদ্যমী, কষ্টসহিষ্ণু যুৱকজনে ২০১৮ চনৰ পৰা উন্নত প্ৰজাতিৰ ছাগলী বিটল, গুজৰী পালন কৰি জীৱন জীৱিকা পৰিচালনা কৰিবলৈ সক্ষম হোৱা অংশুমানে আজিৰ তাৰিখত এগৰাকী সফল পশুপালক।

ছাগলী মাংস বা পোৱালিৰ বাবে তেওঁৰ ওচৰলৈ দূৰ দূৰণিৰ ব্যৱসায়ীসকল ঢাপলি মেলে। ইতিমধ্যে তেখেতক জিলা আৰু ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ পশুপালক হিচাপে পশুপালন বিভাগে স্বীকৃতি প্ৰদান কৰিছে। কিন্তু বেংক সমূহে তেওঁক হেনো অৱহেলাৰ দৃষ্টিৰে চাইছে। বহুবাৰ আবেদন নিবেদন কৰা স্বত্তেও বেংকে ঋণ লাভৰ পৰা বঞ্চিত কৰিছে।বেংকৰ কথা কওঁতে সেয়ে তেওঁ খুব হাঁহিছিল।

তথাপিও হা-হতাশ নহৈ দুগুণ মনোবলেৰে কঠোৰ পৰিশ্ৰম কৰি আজি তেওঁৰ ফাৰ্মত এশৰো অধিক ছাগলী পালন কৰিবলৈ সক্ষম হৈছে।স্বাৱলম্বী হৈ ঘৰখনৰ লগতে আন দহজন যুৱক বা যুৱতীৰ বাবে উদাহৰণ হোৱা অংশুমানে মন্ত্ৰী বা বিধায়কৰ ডাঙৰ ডাঙৰ কথা বিশ্বাস নকৰে। জনসমাজৰ মাজলৈ আহি হাতে কামে লাগিলেহে তেওঁলোকৰ কথাৰ মৰ্যাদাৰ মূল্য ৰ’ব।

দেখিলেহে লিখিম বুলি অভিহিত কৰা আত্মনিৰ্ভৰ হোৱা যুৱকজনক আর্থিকভাৱে সকাঁহ প্ৰদান কৰি চৰকাৰে আৰু আগবাঢ়ি যাবলৈ সুব্যৱস্থা কৰি দিবনে? আদৰণীয় সু পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে কৃষি বিপ্লৱত জড়িত নিবনুৱা সকলৰ হকে উদাৰ মনেৰে প্ৰগতিশীল সুচিন্তা কৰিবনে আজিৰ তাৰিখত কোটি টকীয়া প্রশ্ন হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: