অসম

ছাত্র কর্মী বিচিত্ৰ প্ৰাণ শইকীয়াৰ মৃত্যুত কোচ ৰাজবংশী সংগঠনৰ শোক প্ৰকাশ

সংবাদদাতা, টংলা : কোচ ৰাজবংশী সংগঠনৰ এজন অক্লান্ত কৰ্মী তথা ওদালগুৰি জিলাৰ আক্ৰাছুৰ মাজবাট আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাত্র কর্মী বিচিত্ৰ প্ৰাণ শইকীয়াৰ(২৭)ৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিতেলত শ্বাস-প্ৰশ্বাসজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

বিচিত্ৰ প্ৰাণ শইকীয়াৰ মৃত্যুত অঞ্চলটিত এক বৃহৎ ক্ষতি।তেখেতৰ মৃত্যুত  ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ আৰু ভৰপ্ৰাপ্ত সাধাৰণ সম্পাদক  মুকুন্দ ডেকাই বিদেহি আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: