অসম

ছাত্ৰ-ছাত্ৰীৰ নৃত্য, গীতেৰে মুখৰ হৈ পৰিছে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়

সংবাদদাতা, পূৱ যোৰহাট:- ছাত্ৰ-ছাত্ৰী সকলৰ খেল-ধেমালি, নৃত্য, গীত, অভিনয়েৰে মুখৰ হৈ পৰিছে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সত্ৰীয়া (বি, মিউজ) পাঠ্যক্ৰম সম্বলিত একমাত্ৰ মহাবিদ্যালয় অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা মহাবিদ্যালয় সপ্তাহৰ আজি দ্বিতীয় দিনা ছাত্ৰ ছাত্ৰী সকলৰ নৃত্য গীতত মুখৰ হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ। আজি পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ শাৰংগপানি বৰদলৈয়ে দৌৰ প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত টেকেলী ভঙা, দ-বাম, সংগীত চকীকে আদি কৰি বিভিন্ন আকৰ্ষণীয় খেল অনুষ্ঠিত হয়। ইপিনে বিয়লি অধ্যাপক নিৰ্মল গোস্বামী সোৱৰণী প্ৰেক্ষাগৃহত খোল বাদন, ঢোলবাদন, শাস্ত্ৰীয় আৰু লোক নৃত্যৰ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট উন্নত মানদণ্ডৰ প্ৰতিভা প্ৰদৰ্শন কৰে। কাইলৈ সংগীত বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইপিনে ২৫ ডিচেম্বৰত মহাবিদ্যালয় খনিৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা পালনৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাক্তন শৈক্ষিক অধ্যক্ষ তথা সত্ৰীয়া নৃত্যৰ গৱেষক, পণ্ডিত ডক্টৰ জগন্নাথ মহন্তৰ সোৱৰণত পৰিয়াল বৰ্গই আগবঢ়োৱা তোৰণখনিৰ দ্বাৰ উদ্ঘাটন কৰিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে। বিয়লি নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে মহাবিদ্যালয়ৰ অধ্যক্ষই সকলো ৰাইজৰ দিহা পৰামৰ্শ তথা উপস্থিতি একান্তই কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: