অসম

প্ৰেমিকাক পলুৱাই নিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল প্ৰেমিক ছোৱালী

সংবাদদাতা, লাহৰীঘাট:- লাহৰীঘাটত পোহৰলৈ আহিছে এক আজৱ প্ৰেম কাহিনী। এগৰাকী যুৱতীৰ প্ৰেমত, হাবুদুবু খাইছে আন এগৰাকী যুবতী। প্ৰেমিক যুৱতীয়ে প্ৰেমিকা যুৱতীক আজি পলোৱাই নিবলৈ আহি ধৰা পৰিল ৰাইজৰ আদালতত। ঘটনাটো সংঘটিত হয় লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া মহমাৰা গাঁৱত। উল্লেখ্য যে, ভূৰাগাঁৱৰ বটালিমাৰিৰ এগৰাকী বিবাহিত যুৱতীয়ে তিনিচুকীয়া মহমাৰা গাৱঁৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক (১৫ বছৰীয়া কিশোৰী) প্ৰেমৰ মায়াজালত পেলাই আজি পলোৱাই নিবলৈ আহিছিল। স্থানীয় একাংশ ৰাইজৰ তৎপৰতা দুয়োগৰাকী যুৱতীক ধৰি সোধপোচ কৰাত ওলাই পৰে উৰহী গছৰ উৰ। ৬ মাহ ধৰি চলি আছিল যুৱতী দুগৰাকীৰ মাজত প্ৰেমৰ কাহিনী। প্ৰেমৰ সূত্ৰেই আজি যুৱতী প্ৰেমিকে কিশোৰী প্ৰেমিকাক পলোৱাই নিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে। অৱশেষত লাহৰীঘাট আৰক্ষীক খবৰ দি চমজাই দিয়ে যুৱতী দুগৰাকীক। স্থানীয় ৰাইজৰ সন্দেহ ভূৰাগাঁৱৰ বিবাহিত যুৱতী গৰাকীয়ে ১৫ বছৰীয়া কিশোৰী গৰাকীক প্ৰেমৰ ছলনাৰে পলোৱাই নি বহিঃৰাজ্যত বিক্ৰী কৰা অভিসন্ধি ৰচিছিল। উল্লেখ্য যে, কিছুদিন পূৰ্বেও লাহৰীঘাটত অনুৰূপ ঘটনা পোহৰলৈ আহিছিল। এতিয়া প্ৰশ্ন হয়, স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ দৰে এই ঘটনাৰ লগত কোনো দুষ্টচক্ৰ জড়িত আছে নেকি? সেয়া আৰক্ষীৰ সঠিক তদন্তত হে পোহৰলৈ আহিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: