অসম

জনজাতি মৰ্যদা প্ৰদানৰ কাম তীব্ৰতৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ প্ৰেছ বিবৃত্তি

অসমৰ পঞ্চদশ মুখ্য মন্ত্ৰীৰূপে নিৰ্বাচিত হোৱা বলিষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনোৱাৰ লগতে মন্ত্ৰী সভাৰ প্ৰতিগৰাকী সদস্যক এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে সদৌ কোচ

ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ই। উক্ত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ প্ৰেছ বিবৃত্তিৰ জৰিয়তে দীৰ্ঘদিনে আমীমাংসা হৈ থকা অসমৰ সমস্যা সমূহৰ সমাধান বিচাৰি ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক

জনজাতিৰ মৰ্য্যদা প্ৰদানৰ ক্ষেত্ৰত নতুন চৰকাৰক খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে ১৯৯৬ চনতেই জনজাতিৰ মৰ্য্যদা পোৱা কোচ জনজাতিৰ বিষয়ে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিল উত্থাপন হৈছিল যদিও বিষয়তো তলপৰি থকাৰ অভিযোগ কৰে।

আনহাতে চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ত শাসিত পৰিসদৰ অন্তৱৰ্তীকালীন পাৰিষদ খনক তৎকালে দায়িত্বভাৰ অৰ্পণ কৰি উক্ত পৰিষদখনক অধিক ক্ষমতা প্ৰদান কৰিবলৈ আৰু ন্যায়লয়ত তৰা গোচৰটো দুয়ো পক্ষকে সমিল মিলেৰে মীমাংসা কৰিবলৈ দাবী জনোৱাৰ

লগতে ক’ৰনা মহামাৰীত অকালতে প্ৰাণ হেৰুৱা অসমৰ প্ৰতিগৰাকী দুৰ্ভগীয়া পৰিয়াল সমূহক এককালীন সাহায্য প্ৰদান আৰু কর্মসংস্থাপন হেৰুৱা নিবনুৱা যুৱক যুৱতী সকলক আগন্তুক দিনত কর্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিবৃত্তিৰ জৰিয়তে নতুন চৰকাৰখনক আহ্বান জনায়।

বিবৃত্তিৰ জৰিয়তে জাতীয় সংগ্ৰামৰ মৰ্য্যদাক ভেঙুচালি কৰি জাতিৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক আগস্থান দি জাতিসত্তাক ধ্বংস মুখলৈ ঠেলি নিদিবলৈ সতৰ্ক কৰি দিয়ে আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পূৰেন ৰায় আৰু দিব্যজ্যোতি কুমাৰ ডেকা, সাধাৰণ সম্পাদক সুনোধৰ ৰায়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: