অসম

জনপ্ৰতিনিধিৰ সুৰক্ষা বিচাৰি আৰক্ষী চকীত স্মাৰক পত্ৰ দাখিল

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ সুৰক্ষা বিচাৰিলে সমষ্টিবাসীয়ে

সংবাদদাতা, পূৱ যোৰহাট : খোদ জনপ্ৰতিনিধিৰ সুৰক্ষা বিচাৰি এইবাৰ আৰক্ষীৰ কাষ চাপিল সমষ্টিবাসী। নিজৰ মাটিৰ আৰু ভেটিৰ সুৰক্ষা বিচাৰি সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱা মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সুৰক্ষা বিচাৰি টীয়ক আৰক্ষীৰ কাষত মৰিয়নিৰ দল সংগঠন। যোৱা ২৭ মে’ত মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰিবলৈ যাওঁতে নগা দুৰ্বৃত্তই বিধায়ক গৰাকীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰিছিল। লগতে বিধায়কজনৰ লগত যোৱা সংবাদকৰ্মীৰ দলসহ

অসম আৰক্ষীৰ জোৱানসকলে কোনোমতে প্ৰাণ ৰক্ষা কৰি নিৰাপদ স্থানত অৱস্থান কৰে। উক্ত ঘটনাৰ পিছতে সৰৱ হৈ পৰে বিধায়কজনৰ লগতে মৰিয়নিবাসী ৰাইজ। লগতে নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন ৰ পৰাও জনপ্ৰতিনিধিজনে তীব্ৰ ভাবুকি পোৱাৰ পিছতো কিয় নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা নাই সিও ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে। সেয়ে বিধায়কজনৰ জীৱনৰ সুৰক্ষা বিচাৰি আজি টীয়ক আৰক্ষীৰ যোগেদি জিলা আৰক্ষী অধীক্ষক লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: