অসম

জনপ্ৰিয় কৌতুক অভিনেতা হৰেন মালাকৰৰ দেহাৱসান

সাংস্কৃতিক সংবাদদাতা: – আনক হহুৱাবলৈ আৰু কেতিয়াও নাহে হৰেন মালাকৰ। হাজোৰ মালিতোলাত জন্মগ্ৰহণ কৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীণ অভিনেতা হৰেন মালাকৰ আমাৰ মাজৰ পৰা চিৰদিনলৈ গুছি গ’ল। কিডনী বিকল হৈ তেখেতে দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা জনে। যিগৰাকী ব্যক্তিৰ মঞ্চত পদাৰ্পণ মানে হাঁহিৰ খলকনি।

এজন সঁচা সহজ-সৰল শিল্পী মনৰ অধিকাৰী মালাকৰে নিৰৱচ্ছিন্ন ভাৱে ৪৬টা বসন্ত ভ্ৰাম্যমাণৰ মঞ্চত সফলতাৰে অভিনয় কৰি আহিছে। মইনামতি ‌, নাগকন্যা, বনৰীয়া ফুল, শেষ প্ৰহাৰৰ খেলা, বেদখল, দখল, বন্ধু, শৈশৱেতে ধেমালি, বেতাল পুলিচ, লংকাকাণ্ড, বৃন্দাবনত বৰষুণ, মানুহৰ গেৰেজ, ইত্যাদি নাটকত চিৰস্মৰণীয় অভিনয় কৰা হৰেন মালাকৰে অসম চৰকাৰৰ শিল্পী পেঞ্চন, ৱাইজমেন বঁটা, অসম নাট্য সমিতি বঁটা তথা বহুতো সম্বৰ্ধনা লাভ কৰে।

২০২১ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটা লাভ কৰে। হৰেন মালাকৰ দেৱৰ মৃত্যুত সাংস্কৃতিক জগতখনৰ কাৰণে এক ‌অপূৰণীয় ক্ষতি। তেখেতে শেষতীয়াকৈ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল, সুবোধ মজুমদাৰ প্ৰযোজিত ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল। অসম বাৰ্তা পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ অশ্ৰসিক্ত শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: