অসম

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ লখিমপুৰৰ জিলাৰ ভীমপৰা মথাউৰি আৰু ঘূণাসুঁতি খহনীয়া পৰিৰ্দশন

সংবাদদাতা, লখিমপুৰ : অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পিজুষ হাজৰিকাই আজি লখিমপুৰ জিলাৰ চাউলধোৱা সোঁৱণশিৰি নদীৰ দলংৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাৱেৰে সোঁৱণশিৰি নদীৰ বুকুৰে গৈ ভীমপৰা মথাউৰিৰ খহনীয়া আৰু মেৰামতি অংশসমূহ পৰিদৰ্শন কৰে। সমান্তৰালভাৱে ঘূণাসুঁতি খহনীয়াকো পৰিদৰ্শন কৰে।

পৰিৰ্দশনৰ সময়ত তেখেতৰ লগত লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা সহিতে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আৰু জলসম্পদ বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়াই সংগ দিয়ে। মন্ত্ৰী গৰাকীয়ে মথাউৰি পৰিৰ্দশন কৰি নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰী সকলক উন্নত মানৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আমাৰ সংবাদদাতাৰ আগত তেখেতে কয় যে অসমৰ বানপানী দীৰ্ঘম্যাদী সমস্যা। এই সমস্যা সমাধানৰ বাবে যথেষ্ট টকা প্ৰয়োজন হব। আমি যি কোনো প্ৰকাৰে এই সমস্যা সমাধান কৰিব লাগিব। এই ভ্ৰমণৰ কালত মোৰ বহু অভিজ্ঞতা হৈছে। ইয়াৰ পৰা গৈ এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আঁচনি গ্ৰহণ কৰিব লাগিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: