অসম

জলসিঞ্চন বিভাগৰ চৰম গাফিলতি : ১২ বছৰেও কৃষকৰ বাবে মুকলি নহ’ল কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি

সংবাদদাতা, দলগাঁও:- জলসিঞ্চন বিভাগৰ নামত কোটি কোটি টকা অপচয় দলগাঁৱত। ‌দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত কুঁৱৰীপুখুৰী গাঁৱত টাংনি বোৱতী নদীৰ ওপৰত নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখন বিগত ১২ বছৰেও কৃষকৰ বাবে মুকলি কৰা নহ’ল। উল্লেখ্য যে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মঙ্গলদৈ সংমণ্ডলৰ অধীনস্ত ২০১০ চনত কোটি কোটি টকা ব্যয় সাপেক্ষে বৃহত্তৰ কুঁৱৰী পুখুৰী অঞ্চলৰ কৃষক সকলৰ খেতিপথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখন বৰ্তমান ভালুকৰ সাঙীত পৰিণত হৈছে। লাখ লাখ টকাৰ সা-সঁজুলি সমূহ মামৰে ধৰি জহি খহি যাব ধৰিছে। একেদৰে পথাৰলৈ পানী যোগানৰ বাবে নিৰ্মাণ কৰা নলা সমূহ ওখকৈ নিৰ্মাণ কৰাত নদীৰ পানী পথাৰত যোৱাত বাধাৰ সৃষ্টি কৰিছে। যাৰ ফলত জংগলেৰে ভৰি পৰিছে নলাসমূহ। পানীৰ পৰিৱৰ্তে নলাৰ ওপৰেৰে অব্যাহত আছে যাতায়ত। বৃহত্তৰ অঞ্চল টোৰ কৃষক ৰাইজৰ স্বাৰ্থত আঁচনিখন শীঘ্ৰে মুকলি কৰিবলৈ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় যুৱক নুৰ হুছেইনৰ লগতে বহু ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: