জাজীমুখত জল জীৱন অভিযানৰ সজাগতা সভা

সংবাদদাতা, বাহনা:- যোৰহাট জিলা টীয়ক বিধানসভা সমষ্টিৰ অন্তগত ৮ নং জাজীমুখ গাঁও পঞ্চায়তত আজি জল জীৱন অভিযানৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। জাজীমুখ কুমাৰ গাঁৱৰ সভাগৃহত অনুষ্ঠিত সভখনিত ৮ নং জাজীমুখ গাঁও পঞ্চায়তৰ সভাপতি নগেন পেগুৱে সভাপতিত্ব কৰে। সজাগতা সভাখনৰ আঁত ধৰে স্বচ্ছাগঢ়ি মহেন্দ্ৰ কলিতাই। যোৰহাট জিলা খোৱাপানী আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত জলজীৱন অভিযানৰ সম্বন্বয়ক ৰূপক গগৈয়ে আঁচনিখনৰ ওপৰত বহলাই কোৱাৰ উপৰিও পঞ্চায়ত এলেকাত গঠিত হ’ব লগা ব্যৱহাৰিক সমিতি সমূহৰ কায্য প্ৰণালী আৰু আঁচনিখন পৰিচালনাত পঞ্চায়ত আৰু ৰাইজৰ দায়বদ্ধতা কেনেধৰণৰ হ’ব সেই সম্পৰ্কত ভালদৰে বুজাই কয়। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই আঁচনিখনত ৰাইজৰ সহযোগিতা আৰু সচেতনতা অতি গুৰুত্বপূৰ্ণ হ’ব লাগিব আৰু বিশুদ্ধ খোৱাপানী অপব্যৱহাৰ ৰোধত ব্যৱহাৰিক সমিতি আৰু ৰাইজ দায়বদ্ধ থাকিব লাগিব বুলি ৰাইজক অৱগত কৰে। উক্ত সভাতে পঞ্চায়তৰ কেইবাজনো খণ্ড সদস্য আৰু ৰাইজে বৰ্তমান আঁচনিখনৰ কাম অতি নিম্মমানৰ আৰু আশোহা আছে বুলি অভিযোগ কৰে। সেই সম্পৰ্কত আশোহা দুৰ কৰা হ’ব আৰু বৰ্তমান গৃহ সংযোগৰ এক পৰীক্ষামুলক কাৰ্যহে পৰীক্ষা কৰি থকা হৈছে বুলি সম্বন্বয়ক ৰূপক গগৈয়ে উল্লেখ কৰে। লগতে কাৰিকৰী আশোহা দুৰকৰা সম্পৰ্কত আৰু জল জীৱন অভিযানৰ আঁচনি সম্পৰ্কীয়, ব্যৱহাৰীক সমিতিৰ কায্যপন্থা কি হ’ব এই সম্পৰ্কত সম্বন্বয়ক গৰাকীয়ে ভাল দৰে ৰাইজক বুজাই কয়। সজাগতা সভাখনিত স্বচ্ছাগঢ়ি দীপাংকৰ গোহাঁই, সমাজকৰ্মী দুলাল কলিতা আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে।