জাপান কেৰাটে এছ’চিয়েশ্বনৰ অধীনত পশ্চিম যোৰহাটত প্ৰশিক্ষণ কেন্দ্র

সংবাদদাতা, পশ্চিম যোৰহাট:- জাপান কেৰাটে এছ’চিয়েশ্বনৰ অধীনত পশ্চিম যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনাৰ বাবে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাই অনুমতি প্ৰদান কৰে। এই কেন্দ্ৰটো এখন পৰিচালনা সমিতি গঠনেৰে প্ৰশিক্ষণ প্ৰদান কৰিব যোৰহাট দিচৈ নগৰ নিবাসী কাৰাটে প্ৰশিক্ষক বিজয় বৰাই। ফুটবলৰ প্ৰশিক্ষণৰ বাবে বাপুজী নগৰৰ উগ্ৰজিৎ বৰুৱাক, ভলিবল প্ৰশিক্ষণৰ বাবে হেজাৰী গাঁৱৰ ৰাজু নেওগক, এথলেটিকছ প্ৰশিক্ষণৰ বাবে চিৰতীয়া গাঁৱৰ অভিলাষ বৰঠাকুৰক পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ ভৱনত ২৬ জানুৱাৰীত সভাপতি ৰবীন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই অনুমতি প্ৰদানৰ লগতে অঞ্চলটোৰ এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিক লৈ একোখনকৈ পৰিচালনা সমিতি গঠন কৰি পৰিচালনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সভাখনত নৰেন পূজাৰী, গণেশ বৰকাকতি, ৰমেন শইকীয়া প্ৰমুখ্যে অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে। জাপান কেৰাটে এছ’চিয়েশ্বনৰ যোৰহাটৰ প্ৰশিক্ষাৰ্থীসকলে কেৰাটে প্ৰদৰ্শন কৰে।