অসম

জামুগুৰিহাটত অবৈধ তথা চোৰাং কাঠৰ বেহা

আৰক্ষীয়ে জব্দ কৰে ট্ৰাক ভৰ্তি চোৰাং গমাৰী কাঠ

সংবাদদাতা, জামুগুৰিহাট : বৃহত্তৰ নদুৱাৰ অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে অবৈধ কাঠৰ বেহা। অসাধু ব্যৱসায়ী চক্ৰটোৱে নিতৌ বন ধংস অভিযানত নামি পৰা দেখা গৈছে৷ একাংশই অৰুণাচল প্ৰদেশৰ সিজোছাৰ পৰা অবাধ গতিত গছ-বন কাটি তহিলং কৰি কাঠ কঢ়িয়াই থকাৰ অভিযোগ উঠিছে৷ নিশাৰ ভিতৰত এই অসাধু চক্ৰটোৱে

ট্ৰাকৰ সৈতে অৰুণাচলৰ পৰা কাঠ আনি বৃহত্তৰ নদুৱাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত থকা কাঠৰ দোকান সমূহত বিক্ৰী কৰি আহিছে৷ ইয়াৰোপৰি চৰকাৰী ভূমিত থকা একাংশ মূল্যবান গছ এই চক্ৰটোৱে গোপনে কাটি অবৈধ কাঠ ফলা কলত ফালি বিক্ৰী কৰি আহিছে৷ জামুগুৰিহাটৰ সপ্তাহিক বজাৰৰ ওছৰৰ এটি অবৈধ কাঠ ফলা কলত দিনে নিশাই চোৰাংকৈ কাঠ ফালি

এই চক্ৰটোৱে গোপনে বিক্ৰী কৰি আহিছে৷ কালি জামুগুৰি আৰক্ষীয়ে চৈবাৰীত এখন মিনি ট্ৰাকত টিৰপাল দি ঢাকি অনা অবস্থাত প্ৰায় ডেৰ লাখ টকাৰ মূল্যৰ গমাৰী কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ জামুগুৰিহাটৰ সপ্তাহিক বজাৰৰ নিকটবৰ্ত্তী এটা চোৰাং কাঠ ফলা কলত কাঠখিনি ফলাৰ উদ্দেশ্যৰে আনি থকা অৱস্থাত আৰক্ষীৰ অভিযান কালত জব্দ হয়।

জামুগুৰি আৰক্ষী অবৈধ ভাৱে কাঠ কঢ়িয়াই অনা এ,এচ-১২(ই)৭১৮০ নম্বৰৰ ট্ৰাকখন জব্দ কৰে আৰু আৰক্ষী থানালৈ লৈ আনে। কালি বিয়লি জামুগুৰি আৰক্ষীয়ে কাঠ আৰু গাড়ী সহ ডিপলোঙা বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ক গটাই দিয়ে৷ এই ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেই কথা সময়ে কব যদিও জিলা প্ৰশাসনক চোৰাং কাঠ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সচেতন মহলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: