অসম

জামুগুৰিহাটত গৰু চুৰি

সংবাদদাতা, জামুগুৰিহাট : ক’ভিডসৃষ্ট পৰিবেশৰ মাজতে কালি নিশা উত্তৰ জামুগুৰিৰ মংগলবৰীয়াত এজন ব্যক্তিৰ ঘৰৰ পৰা ছয়জনী গাই গৰু চুৰি হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ক্ষেম

নেপাল নামৰ লোকজনৰ গোহালিৰ পৰা নিশাৰ ভাগত চোৰে খিৰতী গাই কেইজনী লৈ যোৱাৰ পাছত পুৱাৰ ভাগত হে গৃহস্থই গোহালিত গৰু নেদেখি চুৰি হোৱাৰ বিষয়ে জানিব পাৰে। চুৰি হোৱা খিৰতি গাই কেইজনীৰ ভিতৰত এজনী জাৰ্চীও আছে।

গৰু পুহিয়েই গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ব্যক্তি জনৰ গোহালীৰ পৰা এইদৰে প্ৰায় দুই লাখ টকাৰ ছয়জনী গাই চুৰি হোৱাৰ পাছত এতিয়া নিজৰ পৰিয়ালটো কিদৰে পোহপাল দিব এইলৈ চিন্তিত হৈ পৰিছে ব্যক্তিজন। ইতিমধ্যে এই সন্দৰ্ভত ক্ষেম নেপালে জামুগুৰি আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: