অসম

জামুগুৰিহাটত নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয়ৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

সংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মুঢ়াদলত আজি “নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয় নামৰ এখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিচতে উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক গৰাকীয়ে মূঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নদুৱাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, শিল্পী, সাহিত্যিক প্ৰয়াত প্ৰফুল্ল হাজৰিকাৰ সোঁৱৰণত উত্তৰ জামুগুৰি সাহিত্য সভাই পৰিয়ালবৰ্গৰ সহযোগত প্ৰকাশ কৰি উলিওৱা “প্ৰফুল্ল প্ৰফুল্ল” নামৰ স্মৰণিকাখন উন্মোচন কৰে। অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজ পুৰুষ মহিলাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাষণ দি বিধায়ক গৰাকী প্ৰয়াত প্ৰফুল্ল হাজৰিকাৰ গুনানুকীৰ্তন কৰাৰ লগতে প্ৰকাশিত স্মৰণিকাখনৰ জৰিয়তে ৰাইজে বিশিষ্ট বক্তি তথা শিল্পী সাহিত্যিক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীৰ বিষয়ে অৱগত হব আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিব। অনুষ্ঠানটিত নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গজেন শইকীয়া মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বয় ক্ৰমে লিলা ভূঞা ৰজনী বৰাৰ লগতে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেনীমাধৱ বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত প্ৰফুল্ল হাজৰিকাৰ কৰ্মময় জীৱন বৃত্তান্তৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: