অসম

জামুগুৰিহাটত পথাৰতে মৰহিছে কৃষকৰ আশাৰ সপোন : বন্ধ বজাৰ

পথাৰতে গেলিছে তৰমুজ

সংবাদদাতা, জামুগুৰিহাট : ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’নাই। সংহাৰী কৰ’নাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ কভি’ড প্ৰটকলৰ বাবে বৰ্তমান দৈনিক আৰু সপ্তাহিক বজাৰ সমুহ বন্ধ হৈ পৰাৰ ফলত গভীৰ অনিশ্চয়তা নামি আহিছে জামুগুৰিহাটৰ দীঘলীচাপৰিৰ একাংশ তৰমুজ খেতিয়কৰ বাবে।

মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰ বিনিময়ত উৎপাদন কৰা তৰমুছ সমুহ এতিয়া বিক্ৰী কৰিবলৈ হাট বজাৰ নোহোৱাত এইদৰে এতিয়া পথাৰতে গেলিবলৈ ধৰিছে শ, শ তৰমুজ। প্ৰতিবছৰে এইসময় ছোৱাত জামুগুৰিহাটৰ এইসকল খেতিয়কে অসমৰ বিভিন্ন স্থানলৈ তৰমুজ সমূহ বিক্ৰীৰ বাবে পঠিয়াই যদিও সম্পত্তি কভি’ড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত

তৰমুছ সমুহ চিঙিবলৈ সাহস নকৰাৰ ফলত এইদৰে খেতিপথাৰতে গলিবলৈ ধৰিছে তৰমুজ। একমাত্ৰ কৃষিৰ ওপৰতেই নিৰ্ভয় কৰি জীৱন জীৱিকা পৰিচালনা কৰা এইসকল কৃষকৰ জীৱনলৈ কভি’ড পৰিস্থিতিয়ে আনি দিয়া ঘনঘোৰ অন্ধকাৰৰ বাবে এক হাহাকৰ পৰিস্থিতিৰ সন্মুখীন

হৈছে এইসকল কৃষক। কৃষক সকলৰ দাবী- হাট বজাৰ অবিহনে এতিয়া নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰি লোকচানৰ সন্মুখীন হোৱা কৃষক সকলৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰি আৰ্থিক সাহাৰ্য্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কৃষক সকলৰ জীৱন অনাগত সময়ত আৰু অধিক অনিশ্চয়তাৰ পিনে গতি কৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: