জামুগুৰিহাটত ৰূৰেল ডেভলেপমেণ্ট কন্ট্ৰেকচুৱেল এমপ্লইজৰ প্ৰতিবাদী কাৰ্যসূচী

সংবাদদাতা, জামুগুৰিহাট:- সদৌ অসম পঞ্চায়ত আৰু ৰূৰেল ডেভেলপমেণ্ট কণ্ট্ৰেকচুৱেল এমপ্লইজ কাউঞ্চিলৰ সদস্যসকলে ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট। শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গনত বৃহস্পতিবাৰে কনট্ৰেকচুৱেল কৰ্মচাৰীসকলে তেওঁলোকৰ দহ দফীয়া দাবীৰ সন্দৰ্ভত পুৱাৰে পৰা আৰম্ভ কৰে প্ৰতিবাদী কাৰ্যসূচী। কৰ্মচাৰীসকলৰ ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ROPৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা, যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাবে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবীক লৈ আজি অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সমস্যা সমূহ সমাধানৰ বাৱে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।