অসম

জামুগুৰিহাটৰ ইটাখোলাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন

সংবাদদাতা, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত আজি প্ৰায় ১০০ জোপা গছ পুলি ৰোপন কৰে। সংগঠনটোৰ উপ সভাপতি পাপলু হুছেইন, প্ৰচাৰ সম্পাদক অজিৰ চাহ, সদস্য সঞ্জু আহমেদে আঁত ধৰা বৃক্ষৰোপণ কাৰ্যসূচীৰ

জৰিয়তে সকলোকে এনেধৰণে বৃক্ষ ৰোপন কৰি যাওক। কাৰণ কভিডৰ সময়ত যি অস্কিজেনৰ নাটনি হৈছিল তেনেসময়তে এইসকল যুৱকে বৃক্ষ ৰোপনৰ জৰিয়তে সমাজলৈ এক সুস্থ বাতাবৰণ কঢ়িয়াই আনক তাৰেই কামনা কৰে সংগঠনটোৰ সদস্যসকলে। তেওঁলোকৰ এনে মহান পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: