অসম

জামুগুৰিহাটৰ উচ্ছেদ অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ইত্তেহাদ ফ্ৰন্টৰ

ভাৰতীয় নাগৰিক বাংলাদেশী সজোৱাৰ ষড়যন্ত্ৰ চলাইছে বিজেপিয়ে : নুৰ ইছলাম

সংবাদদাতা, দৰং : এক প্ৰেছ বিবৃতি যোগে ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে জনায় যে ক’ৰনাৰ মহামাৰীৰ সময়ত শোণিতপুৰ জিলাৰ দীঘলীচাপৰি,বালিচাপৰি আৰু বালিতাপৰ অঞ্চলত ১৭মে’ তাৰিখে শোণিতপুৰ জিলা প্ৰশাসনে অমানৱীয়ভাবে বিভিন্ন বান-গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা দৰিদ্ৰ, নিৰীহ লোকসকলক উচ্ছেদ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা ও ধিক্কাৰ জনায়। মহামাৰীৰ কঠিন

সন্ধিক্ষণত কল্যাণকামী ৰাষ্ট্ৰৰ অংগৰাজ্যৰ চৰকাৰে জনগণক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰাৰ পৰিৱৰ্তে উচ্ছেদ কৰি নিৰীহ লোক সকলক মৃত্যু মুখত ঠেলি দিছে বুলি ক্ষূভ উজাৰে সভাপতি নুৰ ইছলামে। নুৰ ইছলামে কয় সন্দেহযুক্ত নাগৰিক বুলি কৈ ২০১৬ চনতো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছতেই কাজিৰঙাৰ বান্দৰডুবি, দৰঙৰ ফহুৰাতলিকে আদি কৰি অসমৰ বিভিন্ন

ঠাইত উচ্ছেদ অভিযান চলাইছিল কিন্ত কেইজন সন্দেহযুক্ত লোক চিনাক্ত কৰিছে আজিলৈকে? কিয় উচ্ছেদিত লোক সকল এঠাইৰ পৰা আন ঠাইত চৰকাৰী ভূমিত থাকিব লগা হৈছে চৰকাৰে ভাবিছে নে? তেওঁ কয় যে বিগত সময়তো সন্দেহযুক্তৰ ছাপ লগাই উচ্ছেদ অভিযান চলোৱাৰ সময়ত একাংশ সংবাদ মাধ্যমে সন্দেহযুক্ত নাগৰিকৰ কৱলৰ পৰা বেদখল মুক্ত কৰা হল বুলিও বাতৰি পৰিৱশন কৰা পৰিলক্ষিত হৈছে। ইত্তেহাদ ফ্ৰন্টে বিগত সময়ত উচ্ছেদিত অঞ্চল পৰিদৰ্শন

কৰি প্ৰতিটো পৰিয়ালৰ নথি-পত্ৰ সংগ্ৰহ কৰি চাই সংবাদ মাধ্যমৰ জৰিয়তে  প্ৰত্যাহ্বান জনাইছিল উচ্ছেদিত লোকৰ মাজত সন্দেহযুক্ত নাগৰিক উলিয়াই দিবলৈ কাৰণ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰি দেখা পোৱা গৈছিল যে সেইলোকসকল
বিভিন্ন সময়ত বান-গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হৈ চৰকাৰী ভূমি স্থানীয় লোকৰ পৰা সামান্য মূল্যত ক্ৰয় কৰি বসবাস কৰি আহিছে। বান্দৰডুবি অঞ্চলততো ১৯৬১ চনত আৱন্টন দিয়া লোককো উচ্ছেদ কৰিছিল পৰৱৰ্তী সময়ত

সংস্থাপনৰ বাবে অসম চৰকাৰে ২২কোটি টকা মঞ্জুৰ কৰিছিল। বিধায়ক পদ্ম হাজৰিকাই সততে কোৱা দেখিবলৈ পোৱা যে অবৈধ বাংলাদেশী আছে বুলি বিদেশী উলিয়াই দিবলৈ প্ৰত্যাহ্বান জনাইছে ইত্তেহাদ ফ্ৰন্টে। উচ্ছেদিত লোক সকল যদি সন্দেহযুক্ত নাগৰিক তেনেহলে নথি-পত্ৰ পৰীক্ষা কৰি যিদেশৰ। নাগৰিক সেইদেশত পঠাওক আৰু যদি ভাৰতীয় হয় উচ্ছেদিত লোক সকলক ক্ষতিপূৰণসহ পুনৰ

সংস্থাপন ব্যৱস্থা গ্ৰহণৰ লগতে সংখ্যালঘু হোৱাৰ বাবেই সন্দেহযুক্ত নাগৰিকৰ লেবেল লগাই উচ্ছেদ কৰি নিৰীহ জনতাৰ ওপৰত অত্যাচাৰ চলোৱা বন্ধ কৰিবলৈ দাবী জনায়।
অন্যথা কৰ’না মহামাৰীৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে তীব্ৰ গনতান্ত্ৰাতিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম, উপ-সভাপতি ৰুবুল আলী আৰু সাধাৰণ সম্পাদক বাহাৰুল আমিনে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: