অসম

জামুগুৰিহাটৰ জীয়াভৰলী নদীত ৬০ৰো অধিক গোঁসানীৰ বিসৰ্জন

সংবাদদাতা, জামুগুৰিহাট:- চৰকাৰে পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দি, বান্ধি দিয়া কিছু নীতি-নিয়মৰ মাজেদি শুক্ৰবাৰে সামৰণি পৰিল দুৰ্গোৎসৱৰ। যোৱা দুটা বছৰৰ অন্তত এইবাৰ পূজা অনুষ্ঠিত হোৱাত ৰাইজৰ মাজৰ কভি’ডৰ ভয় আৰু শংকাৰ মাজতো উৎসাহ উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হয়। জামুগুৰিহাট, কুসুমটোলা, ৰঙাচকুৱা, টুপিয়া, মৰিসুতি আদি ব্যৱসায়িক কেন্দ্ৰস্থলত বিশেষকৈ অষ্টমী আৰু নৱমীৰ সন্ধ্যা ৰাইজৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হয়। দীৰ্ঘদিন ধৰি ঘৰৰ মাজতে আৱদ্ধ হৈ থকা ৰাইজে দুৰ্গোৎসৱৰ বতৰত মুক্ত আকাশৰ তলত কিছু মুকলি মনৰে এপাক ফুৰি দেৱী দুৰ্গাৰ আশিষ লোৱা পৰিলক্ষিত হয়। বৃহত্তৰ জামুগুৰিহাটত অঞ্চলত এইবাৰ সৰ্বমুঠ ২৫ খন পূজা অনুষ্ঠিত হয় যদিও কভি’ড বিধি পালন কৰিয়েই জাকজমতাৰ পৰিৱৰ্তে আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই পূজা কমিটিসমূহে পূজা অনুষ্ঠিত কৰে।আজি দশমীৰ দিনা স্থানীয় প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়ম পালনৰ মাজেদিয়েই জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দলঙৰ তলত অঞ্চলটোৰ প্ৰতিমাসমূহৰ লগতে চাৰিদুৱাৰ অঞ্চলৰ প্ৰতিমা সমুহকে ধৰি প্ৰায় ৭০ জনা প্ৰতিমা বিসৰ্জন দিয়ে পূজা কমিটি সমূহে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: