অসম

জামুগুৰিহাটৰ নাহৰবাৰী মাজগাঁৱত প্ৰকৃতিপ্ৰেমী প্ৰদীপ হাজৰিকাৰ পহু উদ্ধাৰ

সংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰী মাজগাঁৱত আজি পুৱা প্ৰায় ১০ মান বজাত ৰাইজৰ সহযোগত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী যুৱক প্ৰদীপ হাজৰিকাই এটা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পহুটো উদ্ধাৰ কৰি গাঁওবাসীয়ে দিপলোঙা বনাঞ্চলিক বন বিভাগক গটাই দিয়ে। বন বিষয়াই আমাক জানিবলৈ দিয়ে যে গাঁওবাসী ৰাইজৰ খেদাত আঘাত পোৱা পহুটো চিকিৎসাৰ ব্যৱস্থা কৰি নামেৰী বনাঞ্চলত এৰি দিয়াৰ কথা সদৰি কৰে। উল্লেখ্য যে নামেৰী বনাঞ্চলৰ পৰা প্ৰায়ে এইদৰে পহুকে ধৰি অন্যান্য জীৱ জন্তু জনাঞ্চলত প্ৰৱেশ কৰি থকা বুলি গাঁওবাসী ৰাইজে মন্তৱ্য কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: