অসম

জামুগুৰিহাটৰ বামুণিপামত কৃষক ফণিধৰ নৰহৰ দুৰাৱস্থা

জৈৱিক পদ্ধতিৰে কৰা জিকা, বিলাহি, বডিমাহ এতিয়া নষ্ট হৈছে গছতে

সংবাদদাতা, জামুগুৰিহাট : ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত সমগ্ৰ ৰাজ্যতে এতিয়া কৃষকৰ মাজত আৰ্থিক দুৰবস্থা দেখা গৈছে। তাৰেই এক উদাহৰণ হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুনিপামৰ আদৰ্শ খেতিয়কৰূপে পৰিচিত ফনিধৰ নৰহ। তেওঁ জৈৱিক পদ্ধতিৰে প্ৰায় ৩০ বিঘা ভূমিত বেংকৰ পৰা ঋণ লৈ জিকা, বিলাহি আৰু বডিমাহৰ খেতি কৰি

এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছিল যদিও সমগ্ৰ ৰাজ্যত ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত চৰকাৰে দিয়া মিনি লকডাউনৰ বাবে বজাৰসমুহ বন্ধ হৈ পৰাত এতিয়া গছতে গেলি নষ্ট হৈ যোৱা পৰিলক্ষিত হয়। বহু লক্ষাধিক টকা ব্যয় কৰি আৰম্ভ কৰা কৃষি কৰ্মক লৈ এতিয়া বহু চিন্তিত হৈ পৰে জামুগুৰিহাটৰ কৃষক ফনিধৰ নৰহ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: