অসম

জামুগুৰিহাটৰ বালিজুৰিত বোমাতংক

বিয়লি সেনা বাহিনীৰ দলে নিস্ক্ৰীয় কৰে বোমাটো

সংবাদদাতা, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বালিজুৰিৰ ধুবিখোলাত সৃষ্টি হয় বোমাতংক। ধুবিখোলাৰ এখন দলঙৰ তলত যোৱা নিশা এটা মৰ্টাৰ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশ সৃষ্টি হয় আৰু ৰাইজে উজাগৰি নিশা কটাবলগীয়া হয়৷ স্থানীয় ৰাইজে এটা শিলৰ দ’মৰ ওপৰত প্ৰত্যক্ষ কৰি ইটাখোলা আৰক্ষীক খৱৰ দিয়ে৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বোমাটো নিৰিক্ষন কৰে৷ আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৱৰ্ত্তী হাতিপটীৰ পৰা কঢ়িয়াই অনা শিলৰ গাড়ীত মৰ্টাৰটো অহা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু আৰক্ষীয়ে মৰ্টাৰটো বালি দি ঢাকি ৰখাৰ ব্যৱস্থা কৰে। বোমা বিশেষজ্ঞই মৰ্টাৰটো নিষ্ক্ৰিয় কৰিব বুলি মন্তৱ্য কৰি ৰাইজক শান্তনা দিয়ে৷ অৰুণাচল সীমান্তৰ চিজোচাত পূৰ্ব্বত

সেনাবাহিনীৰ ফায়াৰিং কেন্দ্ৰ আছিল আৰু এই ফায়াৰিং কেন্দ্ৰতে মৰ্টাৰটো থকাৰ সন্দেহ স্থানীয় ৰাইজৰ। ত্ৰিশ বছৰৰ পূৰ্ব্বৰ বুলি সন্দেহ মৰ্টাৰটোৰ ৷ উদ্ধাৰৰ সুদীৰ্ঘ ২০ ঘন্টাৰ অন্তত আজি বিয়লি ৩ মান বজাত নিষ্ক্ৰীয় কৰা হৈছে বোমাটো। তেজপুৰস্থিত ফ’ৰ কৰৰ সেনাবাহিনীৰ বোমা বিশেষজ্ঞৰ দলে জনসাধাৰণক আতংকিত কৰি ৰখা বোমাটো নিষ্ক্ৰিয় কৰে।

বালিজুৰিৰ ধুবিখোলাৰ পথাৰত নিষ্ক্ৰিয় কৰা হয় দহ কেজি ওজনৰ বোমাটো। এক বিকত শব্দৰ সৃষ্টি কৰি তথা বোমাটো নিষ্ক্ৰিয় কৰাৰ লগে লগেই স্বস্তিৰ নিশ্বাস এৰিছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰাইজে। কালি নিশা বালিজুৰিৰ ধুবিখোলাৰ দিকৰাই নদীৰ দলংৰ তলত দুজন স্থানীয় বনুৱাই বোমাটো প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষীক অৱগত কৰোৱাৰ পাছত ২০ ঘন্টা ধৰি আৰক্ষীয়ে পহৰা দি আছিল বোমা উদ্ধাৰ হোৱা স্থানত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: