অসম

জামুগুৰিহাটৰ মঙ্গলবৰীয়া ব্যৱসায়ীক কেন্দ্ৰত ৩ টাকৈ ব্যৱসায়ীক গৃহৰ আধাৰশিলা উন্মোচন

সংবাদদাতা, জামুগুৰিহাট:- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিবনুৱা যুৱক সকলৰ কৰ্ম সংস্থাপনৰ লগতে আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্যৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে জিলা পৰিষদৰ পুঁজিৰে ৫ লাখ টকাৰ ব্যয় সাপেক্ষে উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত মঙ্গলবৰীয়া ব্যৱসায়ীক কেন্দ্ৰত বিজ্ঞানসন্মতভাবে আজি ৩টাকৈ ব্যৱসায়ীক গৃহৰ

মাঙ্গলিক নীতি-নিয়মেৰে খুঁটা পুতি আধাৰশিলা কৰে৷ ব্যৱসায়ীক গৃহকেইটিৰ আধাৰশিলা কৰি মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে কয়-অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতী সকলক অৰ্থনৈতিকভাৱে সৱল কৰি তোলাৰ উদ্দেশ্যৰে তথা বিভিন্ন ব্যৱসায় বাণিজ্যৰে স্বাৱলম্বী হ’ব পৰাকৈ আমি বিভিন্ন আচঁনি গ্ৰহণ কৰি আহিছো ৷ এই আঁচনিৰ কল্পেই এই ব্যৱসায়ীক গৃহকেইটি নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছো৷

পৰবৰ্ত্তী সময়ত এই ব্যৱসায়ীক কেন্দ্ৰত ভালেকেইটি ব্যৱসায়ীক গৃহ নিৰ্মাণৰ আঁচনি লৈছো ৷ য’ত অঞ্চলটোৰ শতাধিক যুৱকৰ সংস্থাপন হ’ব বুলিও মন্তৱ্য কৰে জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে ৷ উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, জেষ্ঠ কাৰ্যকৰ্তা ধনপতি কাফলে, প্ৰবিন দাসৰ লগতে যুৱ মৰ্চাৰ সদস্যসকল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: