অসম

জামুগুৰিহাটৰ ১নং বালিজুৰিত বনৰীয়া হাতীৰ গচকত দুই শিশুৰ মৃত্যু

সংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে নিতৌ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে নষ্ট সাধন কৰি আহিছে খেতিখোলা। বুধবাৰে নিশা অঞ্চলটোৰ ১নং বালিজুৰিত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় দুজনকৈ শিশুৰ। নিশা ২ মান বজাত এটা বনৰীয়া হাতীয়ে ১নং বালিজুৰিৰ নিকুদ্দিন ছালাৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে শুই থকা অবস্থাত তেওঁৰ দুই সন্তান ক্ৰমে ৯ বছৰীয়া কাৰমেলা ছাল আৰু সাত বছৰীয়া ইষ্টিফান ছালক আক্ৰমণ কৰে। পাচত ততাতৈয়াকৈ দুই সন্তানক উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ অনা হয় যদিও দুয়োৰে মৃত্যু ঘটে। স্থানীয় ৰাইজে চৰকাৰক উক্ত অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: