জামুুগুৰিহাটৰ কন্যকা কৃষি পামক ন-ৰূপত সজাই তুলিছে বিধায়ক পদ্ম হাজৰিকাই

সংবাদদাতা, জামুগুৰিহাট:- জামুগুৰিহাটৰ বহুমুখী কন্যকা কৃষি পামক ন-ৰূপ দিয়াত উঠিপৰি লাগিছে চতিয়া সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। বহিৰাজ্যৰ পৰা অসমলৈ আমদানি হৈ থকা গাখীৰ বন্ধ কৰি অসমতে গাখীৰ উৎপাদনৰ লক্ষ্যলৈ বিভিন্ন আচঁনি প্ৰস্তুত কৰিছে বিধায়ক পদ্ম হাজৰিকাই। কন্যকা কৃষি পামৰ পৰা ইতিমধ্যে বিধায়ক পদ্ম হাজৰিকাই এই যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিধায়ক গৰাকীৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা কন্যকা কৃষি পামলৈ সুদুৰ হাৰিয়ানাৰ পৰা অনা হৈছে ১০০জনী উন্নত প্ৰজাতিৰ শ্বাহীয়াল, থৰপাৰ্কাৰ, ৰাঁথী গাইৰ লগতে ৩০টা পোৱালি। শনিবাৰে বিধায়ক গৰাকীয়ে নিজে এই উন্নত প্ৰজাতিৰ গাইৰ প্ৰতিপালন কৰি নিবনুৱা যুৱক-যুৱতী সকলক উৎসাহিত কৰা দেখা গৈছে। কন্যকা পৰিয়ালৰ সদস্যই জানিবলৈ দিয়ামতে ইতিমধ্যে কন্যকাত উৎপাদিত গাখীৰৰে অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বিপনী আৰম্ভ কৰাৰ লগতে কন্যকাৰ অৰ্থনৈতিক ভেটি সবল হোৱা বুলিও মন্তব্য কৰে। ইতিমধ্যে কন্যকাৰ এই যাত্ৰা শোণিতপুৰ জিলাৰ লগতে বিভিন্ন জিলাৰ উপৰিও গুৱাহাটী মহানগৰতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।