অসম

জাৰ্মানলৈ পুনৰ উভতি যোৱাৰ এদিন পূৰ্বে পৃথিৱীৰ পৰা বিদায় মাগিলে‌ পশ্চিম যোৰহাটৰ এজন বিজ্ঞানীয়ে

সংবাদদাতা, পশ্চিম যোৰহাট :- যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ পকামূৰা বৰশইকীয়াৰ পংকজ লোচন বৰাই(৩২) জাৰ্মানত বিজ্ঞানী আৰু চেক ৰিপাব্লিকৰ দুটা প্ৰখ্যাত প্ৰতিষ্ঠানত যৌথভাৱে ৰসায়ন বিজ্ঞান বিভাগত পি এইচ ডি ৰ বাবে গৱেষণা কৰি শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে আহিল এক দুখবৰ। ক’ভিডত আক্ৰান্ত হৈও ক’ভিড নিগেটিভ হোৱা যুৱকজনে

এই সংসাৰ ত্যাগ কৰে। দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০০৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বৰা। যোৰহাট জেবি কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু তাতে পঢ়ি বি এচ চি কেমেষ্ট্ৰিত ফাষ্ট ক্লাচত উত্তীৰ্ণ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কেমেষ্ট্ৰিত ফাষ্ট ক্লাচ লাভেৰে উত্তীৰ্ণ হয়।

কেন্সাৰ ৰোগ নিৰাময়ৰ বাবে ঔষধৰ গৱেষণা কৰি ইণ্ডিয়ান ইন্সটিটিউত অৱ চাইঞ্চ বাংগালোৰুত জাৰ্ণেল জমা দিয়াৰ বাবে জাৰ্মানলৈ গৱেষণাৰ বাবে আমন্ত্ৰিত হয়। তাতে নিৰ্দিষ্ট বিষয়ৰ গৱেষণা কৰি থাকোঁতেই এটা ঔষধ কোম্পানীত পাৰ্ট টাইমত কাম কৰি আছিল। ২০২০ চনৰ খ্ৰীষ্টমাষ্টৰ আগে আগে তেওঁ যোৰহাট পকামূৰাৰ বৰশইকীয়া গাঁৱৰ ঘৰলৈ আহিছিল।

দাঁতৰ বিষ হৈ থকাৰ বাবে যোৰহাটৰ এজন চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছিল। ঔষধ খাই থাকোঁতেই জ্বৰ হোৱাত যোৰহাট ষ্টেডিয়ামৰ সমীপৰ ক’ভিড টেষ্ট চেণ্টাৰত টেষ্ট কৰাওতেই প’জিটিভ ওলাল। ঘৰলৈ আহি পৃথক কোঠাত থাকিবলৈ লৈছিল যদিও পাছত তেওঁৰ পিতৃ-মাতৃও ক’ভিডত আক্ৰান্ত হ’ল। তিনিও পৃথক পৃথকৈ থাকিবলৈ ল’লে। শাৰীৰিক অসুস্থতা অনুভৱ কৰাত তেওঁ  ১৪ মে’ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি হ’ল।

তাত চিকিৎসাধীন হৈ থাকোঁতেই ক’ভিডমুক্ত হ’ল যদিও অধিক দুৰ্বল হৈ ৩০ মে’ৰ নিশা ১১ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া তৰাজান শ্মশানত সম্পন্ন কৰা হয় । মাক-দেউতাক বৰ্তমান ক’ভিডমুক্ত। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প’ষ্ট ডক্টৰেটৰ বাবে আগ্ৰহী গৱেষকজনে কেবাটাও উচ্চমানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছিল।

সম্প্ৰতি অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত গৱেষকজন কেইমাহমান পূৰ্বে পশ্চিম যোৰহাটৰ পকামূৰাৰ বৰশইকীয়া গাঁওস্থিত স্বগৃহলৈ আহিছিল। সাম্প্ৰতিক ক’ভিড-১৯ৰ‌‌ দ্বিতীয়টো ঢৌৰ জটিল পৰিস্থিতিৰ বাবে যথাসময়ত কৰ্মস্থলীলৈ ঘূৰি যাব পৰা নাছিল। স্বগৃহৰ পৰা উভতি গৈয়ে তেওঁ পি এইচ ডিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল। সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছতে তেওঁ লাভ কৰিলহেঁতেন সন্মানীয় ডক্টৰেট ডিগ্ৰী।

অতদিনৰ কষ্টৰ ফল যুৱকজনে অতি শীঘ্ৰেই লাভ কৰিলহেঁতেন যুৱকজনে। পুনৰ আৰম্ভ হ’লহেতেন আন এক পৰিক্ৰমা। অত্যন্ত মেধাবী, বিচক্ষণ, ভদ্ৰ, অমায়িক, মিতভাষী, হাস্যমুখী, ধৈৰ্যশীল আছিল যুৱকজন। ভৱিষ্যতে অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ পৰিকল্পনা যুগুত কৰা প্ৰতিভাধৰ বিনয়ী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। ১ জুনত যুৱকজন জাৰ্মানীৰ ভিয়েনালৈ উভতি যোৱাৰ কথা আছিল।

Show More

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: