অসম

জিভাৰে পাবজি গেম খেলি চৰ্চাত দলগাঁৱৰ যুৱক

হাত-ভৰি নথকা যুৱকজনক ইউটিউবে জীয়াই থকাৰ প্ৰেৰণা দিছে

সংবাদদাতা, খাৰুপেটীয়া:- মনত ইচ্ছা শক্তি থাকিলে অসম্ভৱ বোলা একো নাই। সাহস আৰু ইচ্ছা শক্তিয়ে সকলো সম্ভৱ কৰি তুলে। তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে দলগাঁৱৰ ইন্দ্ৰ বৰাইক নামৰ এজন যুৱকে। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বৰগৰা চাহ বাগিছাৰ এজন যুৱকে ব্যতিক্ৰমী ৰূপত পাবজি গেম খেলি চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইন্দ্ৰ বৰাইক নামৰ যুৱক জনে জিভাৰে পাবজি খেলি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সমগ্ৰ দৰঙত। হাত ভৰি নথকা যুৱক জনে জিভাৰে পাবজি খেলি থকাৰ ভিডি’অ ইউটিউবত লাইভ ষ্ট্ৰিম কৰে। যুৱকজনৰ আছে ADN Gaming YT নামৰ এটা ইউটিউব চেনেল। আজিৰ তাৰিখত তেওঁৰ ৮ লাখ ২৭ হাজাৰ অনুৰাগী আছে ইউটিউবত।

তেওঁৰ উপাৰ্জনৰ একমাত্ৰ পথ হৈছে ইউটিউব। ইউটিউবৰ পৰা উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়ে ইন্দ্ৰ বৰাইকে। সংবাদ মাধ্যমৰ আগত ইন্দ্ৰ বৰাইকে মন্তব্য আগবঢ়ায় কয় যে, ইউটিউব নথকা সময়ত মনটো ভাল লগা নাছিল। বহুত কষ্ট কৰি দিন ৰাতি পাৰ কৰিছোঁ। জীয়াই থাকিবলৈ মন যোৱা নাছিল। যেতিয়াৰ পৰা ইউটিউব আহিছে তেতিয়াৰ পৰাই মনটো ভাল লগা হৈছে। কিবা এটা কৰিবলৈ মন গৈছে। ইউটিউবে ইন্দ্ৰ বৰাইক জীয়াই থকাৰ প্ৰেৰণা দিছে বুলিও মন্তব্য কৰে। মাতৃয়ে চাহ বাগিচাত কাম কৰি পোৱা ধন আৰু তেওঁ ইউটিউবত পাবজি খেলি পোৱা ধনেৰে পৰিয়ালৰ খৰচ বহন কৰি আছে বুলি জানিবলৈ দিয়ে। সঁচাই মনত ইচ্ছা আৰু সাহস থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পৰা যায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: