জীৱনৰ কবিতা | Super 100

(জীৱনৰ কবিতা) যিটো বস্তুক আমি জীৱন বুলি ভুল কৰোঁ সি কেতিয়াও প্রকৃত জীৱন নহয়৷ এই False life বা নকল জীৱনে জীৱন আৰু মৃত্যুৰ প্রকৃত অর্থক আমাৰ পৰা গোপন কৰি ৰাখে৷ আমি প্রায় গোটেই জীৱন ধৰি যিবোৰ তুচ্ছতাত লেটি লৈ থাকোঁ তাৰ ওপৰলৈ উঠি অন্য এক জীৱনৰ অভিজ্ঞতা পাবলৈ চেষ্টা নকৰালৈকে প্রকৃততে আমি বঞ্চিত হৈ থাকিম জীৱনৰ আটাইতকে মূল্যৱান উপহাৰবোৰৰ পৰা৷
জীৱন

 জীৱন নহয় যেন
 বন্দুকৰ  গুলিৰে ফুটা ফুটা কৰা এটি
 ধোৱা বৰণীয়া শব্দ।
 য'ত স্তুপিত হৈ থাকে
 মাজ নিশাৰ কান্দোন আৰু হাজাৰ সমস্যা।
 প্ৰেম অৰ্থ ৰাজনীতি আৰু
 মহামাৰীয়ে যেন তাত একেলগে
 বিজয়ৰ জয় গান গায়।
 কেঁচা তেজেৰে লুতুৰী-পুতুৰী স্বপ্নই
 সংগ্ৰামৰ অগ্নিত বৃষ পান কৰে।
 ছত্ৰভংগৰ পানী চতিয়াই
 সমস্যাবোৰে উল্লাহ কৰে।
 জীৱন আৰু যৌৱনৰ শৰিতকী
 আৱৰ্জনাৰ মাজতেই সৰে।

✍ জিণ্টু গগৈ
 নাওবৈচা মহাবিদ্যালয়
জীৱন

 জীৱনে হাঁহে জীৱনে কান্দে
 জীৱন দুদিনীয়া
 জীৱন মানেই জীৱন সংগ্ৰাম
 তিতা মিঠা কেঁহাৰে ভৰা
 এয়াই জীৱনৰ ৰস।
 জীৱনে খালত পেলাই
 জীৱনে উদ্ধাৰ কৰে
 জীৱনে নচুৱায়
 জীৱনে গীত জুৰে
 হিংসা বিদ্বেষ প্ৰেম ভালপোৱা
 সকলো জীৱনৰ ৰং।
 জীৱনে শিকায় জীৱনে দিয়ে
 জীয়াই থকাৰ সংজ্ঞা
 জীৱনেই জীৱনৰ বন্ধু
 জীৱনেই জীৱনৰ শত্ৰু
 জীৱনেই জীৱনৰ শিক্ষা
 জীৱনৰ খেলত আমি
 মাত্ৰ দুদিনৰ ভাৱৰীয়া।

✍ ৰাগিনী অলেমান
 কামৰূপ মহানগৰ
জীৱন

জীৱনটো যে এখন চলন্ত গাড়ী
ঘাট-প্ৰতিঘাতেৰে ভৰা 
জীৱনৰ প্ৰতিটো সংঘৰ্ষত
ৰুদ্ধ যে ইয়াৰ গতি।

সুখৰ সবিতাৰ আশাৰ কিৰণত
পুনৰ দ্ৰুতগামী
যন্ত্ৰচালিত জীৱনৰ সৌন্দৰ্য্যৰ গতি।
সময়ৰ কালচক্ৰত চিৰদিনৰ বাবে
নিঃশেষ হৈ
ধোৱা হৈ উৰি যায়
স্বপ্নজালৰ মায়াৰ পৃথিৱী এৰি।
     
✍মোহাইমিনুৰ ৰহমান

নাৰী বিষয়ক কবিতা

E-Paper

Back to top button
%d bloggers like this: