অসম

জুৰীয়াত ড্ৰাগছ আসক্ত যুৱকৰ দৌৰাত্ম্য, বিদ্যালয় চৌহদত নিতৌ ড্ৰাগছ সেৱন কৰি বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ

সংবাদদাতা, জুৰীয়া: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতো জুৰীয়াৰ বিভিন্ন অঞ্চলত এতিয়াও ড্ৰাগছৰ প্ৰয়োভৰ অব্যাহত আছে। বিশেষকৈ ড্ৰাগছৰ গ্ৰাসত একাংশ নৱপ্ৰজন্মৰ লোক ব্ৰতী হোৱাৰ খবৰে সচেতন মহলক স্তম্ভিত কৰি তুলিছে। আজি স্থানীয় উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত দিন দূপৰতে একাংশ ফুলকুমলীয়া যুৱকে নিষিদ্ধ ড্ৰাগছ সেৱন কৰা দৃশ্য প্ৰত্যক্ষ কৰি স্বয়ং শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ফজলুল হক মৰলে খেদি খেদি ড্ৰাগছ সেৱনকাৰী দলটোক চেষ্টা কৰে যদিও কৰায়ত্ত কৰাত অসমৰ্থ হয়। অৱশ্যে অধ্যক্ষ গৰাকীয়ে ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত প্ৰায়ে একাংশ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ সেৱন কৰি শিক্ষানুষ্ঠানৰ লগতে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে। ইপিনে, ঘটনা সন্দৰ্ভত অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে প্ৰত্যক দিনাই বিদ্যালয় চৌহদত মদৰ বটল, কফ চিৰাপৰ বটল আদি সেৱন কৰি পেলাই থৈ যায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button